![]() |
| ফটোঃ ইণ্টাৰনেট |
ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বৰ যে হঠাতে স্তব্ধ হৈ পৰিল। বন্ধ হৈ পৰিল কিছুসময়ৰ বাবে জনপ্ৰিয় ছচিয়েল মিডিয়া প্লেটফৰ্ম। মেটা-ৰ মালিকানাধীন ফেচবুক, ইনষ্টাগ্ৰাম আৰু মেচেঞ্জাৰ, হোৱাটএপ আদি এই মূল প্লেটফৰ্ম কেইটাই হঠাত বন্ধ হৈ পৰাত হাহাকাৰ সৃষ্টি হয় সৰ্বত্ৰে। সম্পূৰ্ণৰূপে মেটাৰ চাৰ্ভাৰজনিত সমস্যাৰ কাৰিকৰী বিজুতিৰ বাৰে কোটি কোটি ব্যৱহাৰকাৰী তীব্ৰ সমস্যাৰ সন্মুখীন হোৱাই নহয় মনত এক আশংকাৰো সৃষ্টি কৰিছিল।
ব্যৱহাৰকাৰীসকলৰ ফেচবুক আৰু হোৱাটএপ একাউণ্টসমূহ অচল হৈ পৰাৰ পিছতেই ব্যৱহাৰকাৰীসকলে পুনৰ কাৰ্যক্ষম কৰিবলৈ চেষ্টা কৰে যদিও "Session Expired" বা "Something went wrong" দৰে এৰৰ বাৰ্তা দেখুৱাত চিন্তিত হৈ পৰে। খবৰ লাভ কৰা অনুসৰি কম সময়ৰ ভিতৰতে বিশ্বৰ লাখ লাখ ব্যৱহাৰকাৰীয়ে এই সন্দৰ্ভত অভিযোগ পঞ্জীয়ন কৰিছে। কেৱল ম’বাইল এপ্লিকেচনতে নহয় কম্পিউটাৰ ব্ৰাউজাৰটো দেখা দিয়ে এই সমস্যাই। ইফালে বহু ব্যৱহাৰকাৰীয়ে একাউণ্ট হেক হোৱা বুলি আশংকা কৰাৰ খবৰ পোৱা গৈছে।
সমগ্ৰ ঘটনাৰক্ৰমৰ ওফৰত মেটাৰ যোগাযোগ প্ৰধানগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, "আমাৰ সেৱাসমূহ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰকাৰীসকলে সন্মুখীন হোৱা সমস্যাৰ বিষয়ে আমি অৱগত হৈছোঁ। বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰা হৈছে আৰু শীঘ্ৰে স্বাভাৱিক অৱস্থালৈ উভতাই অনাৰ প্ৰয়াস কৰা হৈছে। অৱ্শ্যে ব্যৱহাৰকাৰীসকলক পাছৱৰ্ড সলনি নকৰিবলৈ পৰামৰ্শ দিয়ে। এইয়া কোনো ম’বাইল বা ইন্টাৰনেট সংযোগৰ ত্ৰুটি নহয়। চাৰ্ভাৰ ঠিক হ’লেই একাউণ্টসমূহ স্বয়ংক্ৰিয়ভাৱে পূৰ্বৰ দৰে সক্ৰিয় হৈ পৰিব বুলি জনায়। অৱশেষত সম্পূৰ্ণৰূপে পূৰ্বৰ অৱস্থালৈ ঘূৰি আহিছে জনপ্ৰিয় প্লেটফৰ্মকেইটা।
