![]() |
| ফটোঃ নিজা সংবাদদাতা |
ডিজিটেল সংবাদ, নুমলীগড়ঃ গোলাঘাট জিলাৰ নুমলীগড় বাবাথানৰ সমীপত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত ড্ৰাগছৰ বিৰুদ্ধে এক সফল অভিযান চলায় আৰক্ষীয়ে। বৃহস্পতিবাৰে বিয়লি নুমলীগড় আৰক্ষী আৰু গোলাঘাট আৰক্ষীয়ে এক যুটীয়া অভিযান চলাই ড্ৰাগছসহ এটা ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী যুৱকজন বোকাখাত বালিজান অঞ্চলৰ মংগল তাঁতী বুলি চিনাক্ত কৰা হৈছে।
প্ৰাপ্ত খবৰ অনুসৰি, ধৃত মংগল তাঁতীয়ে AS 03R-1779 নম্বৰৰ এখন স্কুটীৰে মৰঙিৰ লুৰুকীহাটৰ পৰা নিষিদ্ধ ড্ৰাগছখিনি সৰবৰাহ কৰি বোকাখাত অভিমুখে আনি আছিল। কিন্তু গোপন সূত্ৰৰ পম খেদি খাপ পিটি থকা নুমলীগড় আৰু গোলাঘাট আৰক্ষীৰ যুটীয়া দলে বাবাথানৰ সমীপত স্কুটীখন ৰখাই তালাচী চলায়। তালাচী কালত যুৱকজনৰ জিম্মাৰ পৰা ড্ৰাগছভৰ্তি ৪ টা চাবোনৰ বাকচ উদ্ধাৰ কৰা হয়।
আৰক্ষীয়ে ড্ৰাগছ আৰু স্কুটীখন জব্দ কৰাৰ লগতে যুৱকজনক আটক কৰি অধিক তথ্য লাভৰ বাবে বৰ্তমান জেৰা অব্যাহত ৰাখিছে। এই চক্ৰটোৰ সৈতে আন কোনো লোক জড়িত হৈ আছে নেকি, সেই সন্দৰ্ভতো আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
