যোৰহাটৰ ৰৰৈয়া বায়ুসেনা বাহিনীৰ ঘাটিত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত

যোৰহাটৰ ৰৰৈয়া বায়ুসেনা বাহিনীৰ ঘাটিত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত
ফটোঃ সামাজিক মাধ্যম


ডিজিটেল ডেস্কঃ যোৰহাটৰ ৰৰৈয়া বায়ুসেনা ঘাটিত শনিবাৰে ভাৰতীয় বায়ুসেনাৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয়।  AN-32 পৰিবহণ বিমান অৱতৰণ কৰাৰ ঠিক পিছতেই এক ভয়ংকৰ দুৰ্ঘটনা আৰু বিস্ফোৰণ সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। AN-32  বিমানখন হৈছে ভাৰতীয় বায়ুসেনাৰ সামৰিক পৰিবহণ বিমান। 

বৰ্তমানলৈকে বায়ুসেনাৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে ক্ষয়-ক্ষতি বা কোনো লোক হতাহত হৈছেনে নাই সেই সন্দৰ্ভত স্পষ্ট তথ্য প্ৰকাশ কৰা হোৱা নাই। অৱশ্যে পাইলটজনৰ অৱস্থা সংকটজনক বা নিহত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত বায়ুসেনাই এক উচ্চস্তৰীয় তদন্ত আৰম্ভ কৰিছে। 

উল্লেখ্য যে, বিমানখন বায়ুসেনাৰ ৪৩ স্কোৱাড্ৰনৰ আছিল আৰু ইয়াক সাধাৰণতে সামগ্ৰী পৰিবহনৰ বাবে ব্যৱহাৰ কৰা হয়। অৱতৰণৰ পিছতে এক প্ৰচণ্ড শব্দৰে বিমানখনত বিস্ফোৰণ ঘটে আৰু দাউ দাউকৈ জুই জ্বলিবলৈ আৰম্ভ কৰে। ঘটনাৰ লগে লগে বায়ুসেনাৰ জৰুৰীকালীন সঁহাৰি দল আৰু অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায়।


Post a Comment

Previous Post Next Post