কাজিৰঙাৰ বুঢ়াপাহাৰ ৰেঞ্জত বিশ্ব পৰিৱেশ দিৱস উদযাপন: ছাত্ৰ-ছাত্ৰীৰ মাজত কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতা

কাজিৰঙাৰ বুঢ়াপাহাৰ ৰেঞ্জত বিশ্ব পৰিৱেশ দিৱস উদযাপন: ছাত্ৰ-ছাত্ৰীৰ মাজত কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতা
ফটোঃ নিজ সংবাদদাতা


ডিজিটেল সংবাদ, বোকোখাতঃ ‘যুৱ মন, সেউজ ভৱিষ্যত!’— এই মূল মন্ত্ৰক সাৰোগত কৰি আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ উদ্যোগত এক বিশেষ পৰিৱেশ সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। 

উদ্যানখনৰ বুঢ়াপাহাৰ ৰেঞ্জত বন্যপ্ৰাণ আৰু প্ৰকৃতি সংৰক্ষণকাৰী আগশাৰীৰ সংগঠন ‘আৰণ্যক’ (Aaranyak) ৰ সহযোগত এই কাৰ্যসূচী অনুষ্ঠিত হয়। যুৱ প্ৰজন্ম তথা স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰিৱেশ চেতনা বৃদ্ধি কৰাৰ উদ্দেশ্যে আয়োজিত এই দিনজোৰা কাৰ্যসূচীত অঞ্চলটোৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে আগ্ৰহেৰে অংশগ্ৰহণ কৰে। ছাত্ৰ-ছাত্ৰীসকলৰ সৃষ্টিশীলতা আৰু চিন্তা প্ৰক্ৰিয়াক উৎসাহিত কৰিবলৈ তেওঁলোকৰ মাজত এক চিত্ৰাংকন প্ৰতিযোগিতা, তাৎক্ষণিক বক্তৃতা আৰু এক আকৰ্ষণীয় কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।

প্ৰতিযোগিতাসমূহত ছাত্ৰ-ছাত্ৰীসকলে চিত্ৰশিল্প আৰু বক্তৃতাৰ জৰিয়তে প্ৰকৃতি সুৰক্ষা, প্লাষ্টিক বৰ্জন আৰু কাজিৰঙাৰ বন্যপ্ৰাণ সংৰক্ষণৰ বাৰ্তা অতি সুন্দৰকৈ দাঙি ধৰে। অনুষ্ঠানত উপস্থিত থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন বিষয়া আৰু আৰণ্যকৰ প্ৰতিনিধিসকলে গছপুলি ৰোপণ কৰাৰ লগতে ধৰিত্ৰী ৰক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক একো একোজন সেউজ যোদ্ধা হ’বলৈ আহ্বান জনায়। অন্তত বিভিন্ন প্ৰতিযোগিতাত স্থান প্ৰাপ্ত প্ৰতিযোগীসকলক আকৰ্ষণীয় পুৰস্কাৰ আৰু মানপত্ৰ প্ৰদান কৰা হয়।

Post a Comment

Previous Post Next Post