![]() |
| ফটোঃ ইণ্টাৰনেট (সম্পাদিত) |
মানুহৰ ব্যস্ত জীৱনযাত্ৰাৰ মাজতে আজি কালি প্ৰায়ে শুনিবলৈ পোৱা এটা শব্দ হ’ল ডিপ্ৰেচন৷ বিশ্বৰ লগতে ভাৰতবৰ্ষতো প্ৰায়ে এই ডিপ্ৰেচনৰ চিকাৰ হোৱা পৰিলক্ষিত হৈছে৷ কোনোৱে ডাক্টৰ-ইঞ্জিনিয়াৰ, কোনো খেলুৱৈ বা কোনোৱে খেতি, মাছ মাৰি আদি বিভিন্ন বৃত্তিৰ সৈতে জড়িত হৈ জীৱন-যাপন কৰি আহিছে৷ কিন্তু ইয়াৰে একাংশই সকলো ক্ষমতা, ধন-ঐশ্বৰ্য, খ্যাতি অৰ্জন কৰাৰ পাছতো নিজৰ জীৱনক লৈ কেতিয়াবা সন্তুষ্ট নহ’বও পাৰে৷ এটা কথা ঠিক যে প্ৰতিজন মানুহে এটা সুখী জীৱন কটাব বিচাৰে বা সুখ-শান্তিৰে জীয়াই থাকিব বিচাৰে৷ কেতিয়াবা ভৱাৰ ধৰণেৰে কামবোৰ হৈ নুঠিলে মনত দুখ অনুভৱ হয় আৰু সেই দুখানুভূতিয়েই এদিন ভয়াৱহৰূপত আত্মপ্ৰকাশ কৰে যাক আমি ডিপ্ৰেচন বুলি কওঁ৷ কিয়নো কোনো এটা বস্তুৰ প্ৰাপ্তিৰ সৈতে সন্তুষ্টি জড়িত হৈ থাকে৷ কিয়নো সুখ অনুভূতিৰ অভাৱেই প্ৰতিজন মানুহৰ মনত দুখৰ অনুভূতি কঢ়িয়াই আনে৷
বৰ্তমান সময়ত প্ৰতিজনেই যন্ত্ৰসদৃশ হৈ প্ৰতিযোগিতাত নামিব লগা হৈছে৷ কাৰণ আজিৰ যুগটোৱেই প্ৰতিযোগিতাৰ যুগ৷ তাতে আকৌ কৃত্ৰিম বুদ্ধিমত্তাই আৰু অধিক জটিল কৰি তুলিছে নিজকে আজিৰ সময়ৰসৈতে খোজ মিলাবলৈ। সেয়েহে মানুহে প্ৰতিটো দিন ব্যস্ততাপূৰ্ণভাৱেই অতিবাহিত কৰিব লগা হয়৷ কিন্তু তাৰ মাজতো বিভিন্ন সময়ত মানুহে নিঃসংগতা অনুভৱ কৰে৷ সম্প্ৰতি বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ প্ৰসাৰৰ লগে লগে মানুহৰ জীৱনগাঁথা জটিলৰ পৰা জটিলতালৈ অৱধাৰিত হ’ব ধৰিছে৷ যাৰ ফলত মানুহৰ চিন্তা-চৰ্চা, ভাষাৰ ভিন্নতা, প্ৰেমহীনতা, মানৱীয় সম্পৰ্ক আদিতনানান সমস্যাই দেখা দিছে৷ ব্যস্ততাপূৰ্ণ জীৱনৰ বাবে এজনে আনজনৰ দুখৰ সমভাগি হ’ব পৰা নাই বা প্ৰয়োজনত তেওঁৰ কাষত থাকিব পৰা নাই৷
ব্যক্তি এজনৰ জীৱনত এনে এজন ব্যক্তিৰ অতি প্ৰয়োজন যিজনক জীৱনৰ প্ৰতিটো কথাই আদান-প্ৰদান কৰিব পাৰে৷ কিন্তু কৰ্মব্যস্ততই এনে লোকৰ অভাৱ ঘটাইছে৷ যাৰ ফলত মানুহৰ জীৱনত নিঃসংগতা সময়ৰ পৰিমাণ অধিক বৃদ্ধি পাইছে৷ একাংশই নিঃসংগতাক এক মানসিক ৰোগ বুলি কোৱাৰ বিপৰীতে আন একাংশই ইয়াৰ ধন-সম্পত্তিৰ অভাৱৰ দোষ বুলি আখ্যা দিছে৷ কিন্তু আজিৰ এই বস্তুবাদী সমাজখনত এই নিঃসংগতাৰ পৰা কোনো বাছি যাব পৰা নাই৷ প্ৰতিজন ব্যক্তিয়ে নিজৰ অজ্ঞাতে নিজৰ ভিতৰতে জন্ম দিব লগা হৈছে এই নিঃসংগতাক৷
সেয়েহে প্ৰতিজনৰে জীৱনলৈ এনে নিঃসংগতা অহাটো স্বাভাৱিক৷ এই জটিল সময়ত আমি কেনেদৰে যুঁজ দিব পাৰিছোঁ সেইটোহে আচল কথা৷ এইটো কথাও ঠিক যে নিঃসংগতাই কেতিয়াবা ভাল সৃষ্টিও কৰিব পাৰে৷ নিৰ্জনতাৰো এক সুকীয়া নান্দনিক সৌন্দৰ্য থাাকিব পাৰে৷ গভীৰ আৰু সুক্ষ্ম অনুভূতিসম্পন্ন ব্যক্তিয়েহে এই নিৰ্জনতাৰ এই অপূৰ্ব সৌন্দৰ্য অনুভৱ কৰি উপভোগ কৰিব জানে৷ এনে নিঃসংগতাৰ পৰিৱেশত যিজনৰ মনৰ চিন্তাশক্তি প্ৰখৰ হয় বা চেতনা তীব্ৰতৰ উঠে সেইজনক এনে হাজাৰ হাজাৰ নিঃসংগতাইও জীৱনটোক চৰম পৰ্যায়লৈ লৈ যাব নোৱাৰে৷
প্ৰকৃতাৰ্থত নিঃসংগতা মানেই হ’ল সংগীহীন৷ কাৰোবাৰ বাবে এই নিঃসংগতা প্ৰেৰণাৰ উৎস হৈ পৰে যদিও কাৰোবাৰ জীৱনত এই নিঃসংগতাই বিষাক্ত বিজাণুহৈ জীৱনটোকে শেষ কৰি দিয়ে৷ নিঃসংগতাক নিয়ন্ত্ৰণ কৰিব নোৱাৰা লোকসকলকেই এনে নিঃসংগবোৰে তিল তিলকৈ মৃত্যুমুখলৈ লৈ যায়৷ আমি কেতিয়াবা এনে নিঃসংগতাৰ সন্মুখীণ হ’লে মা-দেউতা বা আপোন-বন্ধুবৰ্গই সান্তনা দিবলৈ এটা কথা কয় যে ‘জন্মতে যেতিয়া অকলেই আহিছ, জীৱন যুদ্ধতো অকলেই যুঁজ দিব লাগিব৷’ সেয়েহে মই কওঁ– হয়তো মানুহৰ নিজতকৈ অধিক আপোন আৰু বিশ্বাসী এই পৃথিৱীত কোনো নাই৷ যিসকল ব্যক্তিৰ আত্মবিশ্বাস অধিক তেনে ব্যক্তিক এনে নিঃসংগতাই গ্ৰাস কৰিব নোৱাৰে এইটো চিৰন্তন সত্য৷ ফলত কাৰোবাৰ ক্ষেত্ৰত এনে নিঃসংগতাই এদিন আত্মহত্যাৰ দৰে চৰম ৰূপ লয় গৈ৷
বিশ্বত প্ৰতি ৪০ ছেকেণ্ডত এজনকৈ লোকে আত্মহত্যাৰ ঘটনা সংঘটিত হয়৷ ১৫ বছৰৰ পৰা ৪৪ বছৰৰ বয়সৰ লোকৰ ভিতৰত হোৱা মৃত্যুৰ আত্মহত্যাই তৃতীয় মূল কাৰণ৷ বিশ্বত এইড্ছ, কেঞ্চাৰ আদি ভিন্ন ভয়ংকৰ ৰোগত মৃত্যু হোৱা ৰোগীতকৈ আত্মহত্যা নামৰ ব্যাধিত অধিক লোকৰ মৃত্যু হয়৷ কিন্তু কিয় এনেদৰে আত্মহত্যাৰ দৰে চৰম পথ বাছি ল’বলগা হয়৷ সেয়া এক গভীৰ উদ্বেগজনক বিষয়৷ দৈনন্দিন জীৱনৰ নানা ব্যৰ্থতা আৰু অতৃপ্তিয়ে মানুহৰ সীমাৱদ্ধতাক উপলব্ধি কৰোৱায়৷ তেনে সময়তে অস্থিৰতা, নিৰাপত্তাহীনতাত ভোগে আৰু নিজকে অকলশৰীয়া অনুভৱ কৰিবলৈ লয়৷ এইদৰেই আহে নিঃসংগতা৷ যাৰ ফলত মানুহৰ প্ৰতি থকা আস্থা হেৰাই যায়৷ কিছুমান এনে ব্যক্তিও আছে যি জনসমুদ্ৰত থাকিও নিজকে নিঃসংগ বুলি অনুভৱ কৰে৷
চিকিৎসকসকলে উল্লেখ কৰা মতে যেতিয়া কোনো এজন লোক ডিপ্ৰেচনত ভুগি থাকে তেওঁৰ চলন-ফুৰণত এই কথা অনুমান কৰিব পৰা যায়৷ তেনে ডিপ্ৰেচনত থকাৰ সময়চোৱাত লোকজনে সাধাৰণতে কোনো সামাজিক আনন্দ, উৎসৱ-পাৰ্বন অনুষ্ঠান আদি উপভোগৰ ইচ্ছা প্ৰকাশ নকৰে৷ বন্ধু-বান্ধৱৰ পৰা আঁতৰি থাকিব বিচাৰিব বা নিজৰ শুভ চিন্তক সকলকো কেতিয়াবা শত্ৰু জ্ঞান কৰিবলৈ আৰম্ভ কৰে৷ ইয়াৰোপৰি খোৱা-বোৱা, টোপনি অনিয়মীয়া হ’ব আৰু কথা-বাৰ্তাত উদাসীনতা ফুটি উঠিব৷
শেহতীয়াকৈ বলীউদ তথা চিনেমা জগতৰ অভিনেতা-অভিনেত্ৰীয়েই নহয় সকলো বৃত্তিৰ লগত জড়িত লোকেই আত্মহনন দৰে ব্যাধিৰ স্বীকাৰ হোৱা আমি বিভিন্ন সময়ত খবৰ-কাজৰৰ লগতে নিজেও প্ৰত্যক্ষ কৰিছোঁ। কেতিয়াবা যদি পৰীক্ষাত অসফলতা, কেতিয়াবা আকৌ প্ৰেমত বিফলতা, গৃহকন্দল বা অবৈধ সম্বন্ধ, অতিমাত্ৰা ঋণৰ বোজাই হওঁক বা আৰ্থিক দুৰৱস্থাই হওঁক এনেবোৰ কাৰণৰ পাৰ্শ্বক্ৰিয়াৰ ফলতো ডিপ্ৰেচনত ভুগি শেষত আকস্মিকভাৱে ক্ৰোধৰ বা আন ভাৱনাৰ বশৱৰ্তী হৈ আত্মহননৰ দৰে চৰম পথ বাছি লোৱা বাতৰি সঘনাই বাতৰি কাকত বা আলোচনী আদিত পঢ়িবলৈ পোৱা যায়৷ এনেদৰে আত্মহত্যাৰ পথ বাছি লোৱা লোকসকলে সাধাৰণতে তেওঁলোকৰ লক্ষ্যৰ দিশত কৰা যাত্ৰাৰ কালচোৱাক কেতিয়াও উপভোগ কৰিবলৈ চেষ্টা নকৰে বৰঞ্চ লক্ষ্যত উপনিত হোৱাৰ ফলাফলটোকেই মূল উৎস হিচাপে গণ্য কৰে৷ যাৰ বাবে কেতিয়াবা লক্ষ্যত উপনীত হ’ব নোৱাৰাৰ ফলত ডিপ্ৰেচনত ভুগি এনে চৰম সিদ্ধান্ত বাছি লোৱা দেখা যায়৷
অন্যহাতে প্ৰিয়জনৰ মৃত্যুত সৃষ্টি হোৱা বিচ্ছেদৰ মুহূৰ্ততো মানুহে নিঃসংগবোধ উপলব্ধি কৰে৷ প্ৰিয়জনৰ মৃত্যুৰ শোকো অন্যতম যন্ত্ৰণাদায়ক৷ কিয়নো যাৰ সংগই জীৱনটোক আনন্দদায়ক কৰি তুলিব পাৰে যাৰ পৰা মানসিক প্ৰশান্তি লাভ কৰিব পাৰে, তেনে ব্যক্তিৰ অনুপস্থিতিতো মানুহ চৰম হাতাশাত ভোগে৷ এনে প্ৰতিকূল পৰিৱেশ বা পৰিস্থিতি সকলোৰে জীৱনলৈ এবাৰ নহয় এবাৰ আহেই৷ এনে প্ৰতিকূল পৰিস্থিতিক মুকলি মনেৰে গ্ৰহণ কৰিব পৰা জনেই তেনে জটিল পৰিস্থিতিৰ পৰা অনায়াসে ওলাই আহিব পাৰে৷ প্ৰৱল ইচ্ছাশক্তি আৰু ইতিবাচক চিন্তা-চৰ্চাৰে মানুহে এই পৰিস্থিতিৰ নেতিবাচক পৰিণামৰ পৰা নিজকে মুক্ত কৰিব পাৰে৷ সেয়েহে এনেসময়ত কিছুমান ঋণাত্মক চিন্তাৰ পৰা মনটোক মুকলি কৰি ধনাত্মক চিন্তা-চৰ্চাৰে অগ্ৰসৰ হ’ব পৰাটোৱেই ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ মূল উৎস৷
এইক্ষেত্ৰত সাধাৰণতে একাংশ অভিভাৱকে সন্তানসকলৰ ওপৰত অধিক চাপ সৃষ্টি কৰাৰো পৰিলক্ষিত হয়৷ ধৰক যেনে এনেধৰণৰ– ‘শচীন টেণ্ডুলকাৰ বা বিৰাট কোহলিও হ’ব লাগে লগতে ডক্টৰ, ইঞ্জিনিয়াৰ বা বিজ্ঞানীও হ’ব লাগে’৷ সফলতাৰ ক্ষেত্ৰত সকলোৰে বাবে ভাগ ভাগ কৰ্মক্ষেত্ৰ নিৰ্ধাৰণ কৰা থাকে৷ উদাহৰণস্বৰূপে শচীন টেণ্ডুলকাৰ সৰ্বকালৰ এগৰাকী অন্যতম বিশ্বশ্ৰেষ্ঠ ক্ৰিকেটাৰ তাত কাৰো সন্দেহ নাই কিন্তু, তেওঁৰ শৈক্ষিক দিশত সিমান প্ৰাধান্য বা পাৰদৰ্শিতা নাই যিমান খেল পথাৰত আছে৷ সেয়েহে আমাৰ সন্তানৰ পৰা অতিমাত্ৰা উচ্চাকাংক্ষা ৰাখি আৰু সেয়া ব্যক্ত কৰি সিঁহতক মানসিক চাপত পেলোৱাটো কিন্তু কেতিয়াও ১০০ শতাংশ শুদ্ধ নহয়
(লেখকঃ ইউ.ডি)
টোকা: মানসিক অৱসাদ বা যিকোনো সমস্যাৰ বাবে সদায় আপোনজনৰ সৈতে কথা পাতক। প্ৰয়োজন হ’লে চৰকাৰী ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য হেল্পলাইন নম্বৰ '১৪৪১৬' (14416) ত যোগাযোগ কৰক।
