জাঁজীমুখত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ গৰাখহনীয়াঃ নিশেষ হোৱাৰ দিশে ঐতিহাসিক হাতীশাল চাপৰি আৰু ৰংথলী বনভোজ স্থলী

জাঁজীমুখত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ গৰাখহনীয়াঃ নিশেষ হোৱাৰ দিশে ঐতিহাসিক হাতীশাল চাপৰি আৰু ৰংথলী বনভোজ স্থলী
ফটোঃ নিজা সংবাদদাতা


ডিজিটেল সংবাদ, টীয়কঃ যোৰহাট জিলাৰ জাঁজীমুখৰ হাতীশালৰ হাতী চাপৰিত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ গৰাখহনীয়াই এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। যোৰহাট আৰু মাজুলী সংযোগী নিৰ্মীয়মান দলঙৰ তেনেই সমীপতে এই খহনীয়া অব্যাহত থকাৰ বাবে এতিয়া সমগ্ৰ অঞ্চলটোতে তীব্ৰ আতংকই বিৰাজ কৰিছে।

প্ৰাপ্ত খবৰ অনুসৰি, ব্ৰহ্মপুত্ৰৰ বুকুত ইতিমধ্যে বিলীন হৈছে প্ৰায় ৭০০ মিটাৰ ভূ-খণ্ড। ইয়াৰ ফলত ভৌগোলিক মানচিত্ৰৰ পৰা চিৰদিনৰ বাবে নিঃশেষ হ'বলৈ ধৰিছে স্থানীয়ভাৱে অতি জনপ্ৰিয় ‘ৰংথলী বনভোজ স্থলী’। কেৱল এয়াই নহয়, কালৰূপী ব্ৰহ্মপুত্ৰৰ খঁহনীয়াৰ কৱলত পৰি অস্তিত্ব হেৰুওৱাৰ দিশে গতি কৰিছে ঐতিহাসিক জাঁজীমূখৰ হাতীশাল চাপৰিয়েও।

চকুৰ সমুখতে সকলো হেৰুৱাই এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে স্থানীয় ৰাইজে। ক্ষুব্ধ আৰু আতংকিত ৰাইজে অসম চৰকাৰৰ জল সম্পদ বিভাগক অতি শীঘ্ৰে এই খহনীয়া অঞ্চল পৰিদৰ্শন‌ কৰিবলৈ আৰু যুদ্ধকালীন তৎপৰতাৰে খহনীয়া প্ৰতিৰোধৰ উপযুক্ত পদক্ষেপ ল’বলৈ দাবী জনাইছে।

Post a Comment

Previous Post Next Post