![]() |
| ফটোঃ নিজা সংবাদদাতা |
ডিজিটেল সংবাদ, সোণাৰিঃ সোণাৰিত টিয়ক আৰু টাউকাক নদীৰ সংহাৰী ৰূপ। সোণাৰি পৌৰ এলেকা বুৰাই পেলাইছে বাঢ়নী পানীয়ে। হাহাকাৰ হেজাৰোধিক পৰিয়ালৰ। বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত সোণাৰিত বান পৰিস্থিতি বৰ্তমানো অপৰিবৰ্তিত হৈ আছে। টিয়ক আৰু টাউকাকৰ বাঢ়নী পানীয়ে এতিয়া সংহাৰি ৰূপ ধাৰণ কৰিছে অঞ্চলটোত। বুৰাই পেলাইছে পৌৰ এলেকাৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া কেইবাটাও অঞ্চল।
বাঢ়নী পানীয়ে চহৰখনৰ আবাসিক এলেকা বুৰাই পেলোৱাত বহু পৰিয়ালে এতিয়া ওখ ঠাইৰ আশ্ৰয় শিবিৰত দিন কটাব লগীয়া অৱস্থাৰ সৃষ্টি হৈছে। গৃহহীন হৈ পৰাত এতিয়া পৰিয়ালসমূহৰ ব্যাপক ক্ষয়-ক্ষতি হোৱাৰ লগতে ইটোৰ পিছত সিটো পৰিয়ালৰ ঘৰত পানী সোমাই পৰাত অঞ্চলটোত এতিয়া এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। লগতে বাট-পথসমূহ বাঢ়নী পানীৰ তলত। ফলত স্কুল-কলেজৰ লগতে বিভিন্ন কৰ্মৰ বাবে ঘৰৰ পৰা ওলাই যোৱাত বাধাৰ সৃষ্টি হৈছে। একপ্ৰকাৰ গৃহবন্দীৰ ধৰে পৰিৱেশৰ সৃষ্টি হৈছে। ইয়াৰে একাংশই পশুধন তথা সা-সম্পত্তি ৰক্ষাৰ বাবে নিৰাপদ স্থানলৈ ঢাপলি মেলিছে।
আজি তিনিদিন ধৰি অঞ্চলটোত বানৰ কৱলত থকাৰ লগতে আশ্ৰয় শিবিৰত একাংশই বসবাস কৰি অহাৰ পিছতো স্থানীয় জিলা প্ৰশাসন আৰু পৌৰসভাৰ তৰফৰ পৰা কোনো ধৰণৰ সা-খবৰ তথা এইসকলক বন্যাৰ্তৰ কোনো খবৰ নকৰোৰ গুৰুতৰ অভিযোগ কৰিছে। কোনো ধৰণৰ সাহায্য সামগ্ৰী বৰ্তমানলৈকে যোগান নধৰাত ক্ষোভিত হৈ পৰিছে বন্যাৰ্ত। জিলা প্ৰশাসন তথা পৌৰসভাৰ এনে উদাসীনতাক লৈ ক্ষোভিত হোৱাই স্বাভাৱিক।
এনেক্ষেত্ৰত জিলা প্ৰশাসন তথা পৌৰসভাক অতি শীঘ্ৰে পৰিস্থিতি পৰ্যবেক্ষণ কৰি প্ৰভাৱিত প্ৰতিটো পৰিয়ালকে পৰ্যাপ্ত বান সাহায্য, শিশুৰ খাদ্য আৰু চিকিৎসা সেৱা আগবঢ়াবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।
