৬৫ বছৰ বয়সত ট্ৰেক্টৰ চলাই কৃষি বিপ্লৱ!

৬৫ বছৰ বয়সতো হাতত ট্ৰেক্টৰৰ ষ্টিয়েৰিং, নগাঁৱৰ আদৰ্শ মহিলা কৃষক কুন্তী বৰাৰ বাসগৃহত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা
ফটোঃ নিজা সংবাদদাতা


ডিজিটেল সংবাদ,নগাঁওঃ নগাঁৱৰ আদৰ্শ মহিলা কৃষক কুন্তী বৰাৰ বাসগৃহত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা। বয়স কেৱল এটা সংখ্যা মাথোঁ, তাকেই প্ৰমাণ কৰি দেখুৱাইছে নগাঁৱৰ এগৰাকী ৬৫ বছৰীয়া মহিলাই। চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণৰ পিছত বহি নাথাকি কৃষি কাৰ্যৰে স্বাৱলম্বিতা আৰু মহিলাৰ দক্ষতাৰ এক অনন্য নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে নগাঁৱৰ বঢ়মপুৰৰ কাষৰিগাঁৱৰ আদৰ্শ মহিলা কৃষক কুন্তী বৰাই।

আজি তেওঁৰ বাসগৃহত হঠাতে উপস্থিত হয় নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা।  কুন্তী বৰাৰ কৰ্মৰাজিক লৈ সমগ্ৰ অঞ্চলটোতে ব্যাপক চৰ্চা অব্যাহত থকাৰ মাজতে আজি জিলা আয়ুক্তগৰাকীয়ে তেখেতৰ কাষৰিগাঁৱৰ বাসগৃহত উপস্থিত হৈ কুন্তী বৰাৰ বিস্তৃত কৃষি পথাৰৰ লগতে বিভিন্ন ঔষধি গছ আৰু দেশী-বিদেশী ফুলৰ বাগিচা পৰিদৰ্শন কৰে।

এনে অভূতপূৰ্ব উদ্যম আৰু পৰম্পৰাগত কৃষি পদ্ধতি দেখি জিলা আয়ুক্ত দেৱাশীষ শৰ্মা অভিভূত হৈ পৰে। জিলা আয়ুক্তগৰাকীয়ে তেখেতৰ কৰ্মৰাজী সমাজৰ বাবে এক প্ৰেৰণাদায়ক আদৰ্শ বুলি অভিহিত কৰাৰ লগতে ভূয়সী প্ৰশংসা কৰে।

অন্যহাতে , জিলা আয়ুক্তগৰাকীক হঠাত নিজৰ ঘৰত দেখা পাই উৎফুল্লিত হৈ পৰে মহিলা কৃষক কুন্তী বৰা। পৰিদৰ্শন কালত জিলা আয়ুক্তগৰাকীয়ে কুন্তী বৰাৰ এই কৃষি যাত্ৰাক আৰু এখোজ আগুৱাই নিয়াৰ বাবে চৰকাৰীভাৱে পৰ্যাপ্ত সহায়-সহযোগিতা তথা সা-সুবিধা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। 

বৰ্তমানৰ নৱপ্ৰজন্মৰ বাবে এক সপোন আৰু প্ৰেৰণাৰ উৎস হৈ পৰা কুন্তী বৰাৰ এই কৃষি বিপ্লৱে এতিয়া জিলাখনত এক নতুন মাত্ৰা লাভ কৰিছে।


Post a Comment

Previous Post Next Post