কিদৰে চলিছে কোটিটকীয়া আঁচনি ‘জলজীৱন মিছন’। সোণাৰীৰ সাপেখাতীত জলজীৱন মিচনৰ নামত ভেকোভাওনা,পানীৰ বাবে হাহাকাৰ ৰাইজৰ

কিদৰে চলিছে কোটিটকীয়া আঁচনি ‘জলজীৱন মিছন’। সোণাৰীৰ সাপেখাতীত জলজীৱন মিচনৰ নামত ভেকোভাওনা,পানীৰ বাবে হাহাকাৰ ৰাইজৰ
ফটোঃ নিজা সংবাদদাতা


ডিজিটেল সংবাদ, সোণাৰিঃ সাপেখাতীৰ ১ নং ৰহনপথাৰত কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা জলজীৱন মিচনৰ এখন আঁচনি বৰ্তমান ৰাইজৰ বাবে কেৱল এক 'বগাহাতী'ত পৰিণত হৈছে। 'ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী' যোগান ধৰাৰ চৰকাৰী শ্লোগান এতিয়া সোণাৰিত কেৱল প্ৰহসনত পৰিণত হৈছে। 

সোণাৰি বিধানসভা সমষ্টিৰ সাপেখাতীৰ ১ নং ৰহনপথাৰত কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা জলজীৱন মিচনৰ আঁচনি নিৰ্মাণৰ কেইবা বছৰ পাৰ হৈ যোৱাৰ পিছতো আজিলৈকে এটোপাল বিশুদ্ধ খোৱাপানী লাভ নকৰিলে অঞ্চলটোৰ শ শ পৰিয়ালে।

প্ৰাপ্ত তথ্য অনুসৰি, ২০২১-২২ বিত্তীয় বৰ্ষতে সাপেখাতীৰ ১ নং ৰহনপথাৰ অঞ্চলৰ ২৩৫টা পৰিয়ালক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ এক বৃহৎ লক্ষ্য লৈ এই পানী যোগান আঁচনিখনৰ কাম আৰম্ভ কৰা হৈছিল। চৰকাৰী কোষাগাৰৰ পৰা প্ৰায় ১ কোটি ৩১ লাখ ৬৮ হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই অভিলাষী আঁচনিখন আজিকোপন কাৰ্যক্ষম হৈ নুঠিল। বিভাগীয় কৰ্তৃপক্ষ আৰু ঠিকাদাৰৰ চৰম গাফিলতিৰ বাবেই সমগ্ৰ আঁচনিখন এতিয়া বিকল হৈ পৰি থকাৰ অভিযোগ উত্থাপন হৈছে। যাৰ ফলত, তীব্র ক্ষোভ উজাৰিছে স্থানীয় ভূক্তভোগী ৰাইজে। আঁচনিখন থকাৰ পিছতো অঞ্চলটোৰ লোকসকলে এতিয়াও পুৰণি পদ্ধতিৰে টিউৱেল আৰু দমকলৰ আইৰণযুক্ত পানী খাই দিন কটাবলগীয়া হৈছে। 

আনহাতে, এই আঁচনিখন তদাৰক কৰিবলৈ নিয়োজিত থকা স্থানীয় জলমিত্ৰগৰাকীয়েও আঁচনিখন কাৰ্যক্ষম নোহোৱাৰ বাবে বৰ্তমান বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। কোটিটকীয়া আঁচনিখনৰ নামত চৰকাৰী ধনৰ এনে অপব্যৱহাৰক লৈ এতিয়া সাপেখাতী অঞ্চলতীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। স্থানীয় সচেতন ৰাইজে বিভাগীয় উচ্চপদস্থ বিষয়া আৰু চৰকাৰক এই বিষয়টোত জৰুৰীভাৱে হস্তক্ষেপ কৰিবলৈ দাবী জনাইছে। লগতে অতি শীঘ্ৰে আঁচনিখন সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰি ১ নং ৰহনপথাৰৰ প্ৰতিটো পৰিয়াললৈ বিশুদ্ধ খোৱাপানী যোগান নিশ্চিত কৰিবলৈ আহ্বান জনাইছে।

Post a Comment

Previous Post Next Post