অসম বিধানসভাৰ ডিজিটেল লাইব্ৰেৰীৰ কাম অতিশয় নিম্নমানৰঃ সৰৱ বিৰোধী

অসম বিধানসভাৰ ডিজিটেল লাইব্ৰেৰীৰ কাম অতিশয় নিম্নমানৰঃ সৰৱ বিৰোধী
ফটোঃ দেবব্ৰত শইকীয়াৰ ফেচবুক পেজ


ডিজিটেল ডেস্কঃ অসম বিধানসভাৰ ডিজিটেল লাইব্ৰেৰীক লৈ পুনৰ সৰৱ বিৰোধী। উক্ত প্ৰকল্পক লৈ বিভিন্ন সময়ত তথ্যৰ বিসংগতি, কাৰিকৰী ক্ৰুটি আৰু বিত্তীয় অনিয়মৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে যদিও এই অভিযোগসমূহক লৈ আইনী তদন্তৰ চূড়ান্ত ফলাফল বা দোষী সাব্যস্তকৰণৰ প্ৰতিবেদন এতিয়ালৈকে ৰাজহুৱা হোৱা নাই। 

উল্লেখ্য যে, বিধানসভাৰ কাৰ্যবিৱৰণী, ঐতিহাসিক নথিপত্ৰ আৰু বাজেট ভাষণসমূহ ডিজিটাইজ কৰি সংৰক্ষণ কৰাৰ বাবে এই লাইব্ৰেৰী প’ৰ্টেলটো আৰম্ভ কৰা হৈছিল। কিন্তু কাৰ্যক্ষেত্ৰত আজিও আধৰুৱা হৈ পৰি ৰৈছে ডিজিটেল লাইব্ৰেৰীটো। 

আজি এই সন্দৰ্ভত ক্ষোভ ব্যক্ত কৰে কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিধায়ক দেবব্ৰত শইকীয়াই। তেখেতে আজি অসম বিধানসভাত সদ্য প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰী কাৰ্যকালত আৰম্ভ হোৱা 'ডিজিটেল লাইব্ৰেৰী'টো উন্মোচনৰ পিছত প্ৰথমবাৰৰ বাবে পৰিদৰ্শন কৰে। তেখেতে পৰিদৰ্শনৰ অন্তত সমগ্ৰ প্ৰকল্পটোৰ সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।

তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, এই প্ৰকল্পটোৰ কাম এতিয়াও আধৰুৱা হৈ আছে আৰু যিখিনি কাম কৰা হৈছে সেয়াও অতিশয় নিম্নমানৰ! আটাইতকৈ দুৰ্ভাগ্যজনক আৰু উদ্বেগজনক কথাটো হ'ল, বৰ্তমান ডিজিটেল লাইব্ৰেৰীটোত প্ৰদৰ্শিত হৈ থকা তথ্যসমূহৰ মাজত বহুতো ভুল তথ্য পোহৰলৈ আহিছে। ৰাজহুৱা ধনৰ এনে অপচয় আৰু আমাৰ অসমৰ বিধানসভাৰ দৰে পৱিত্ৰ স্থানত তথ্যৰ এনে বিকৃতিকৰণ কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। চৰকাৰে অসমৰ যোগ্য প্ৰতিষ্ঠানক বাদ দি বাহিৰৰ কোম্পানীক দায়িত্ব দি এনেদৰেই অসমৰ গৰিমা ম্লান কৰিছে নেকি?

লগতে তেওঁ এই ভুল তথ্যসমূহ ইতিমধ্যে ৰাজহুৱাভাৱে প্ৰদৰ্শিত হৈ থকা বিষয়টো গুৰুত্বসহকাৰে লৈ চৰকাৰে তথ্যসমূহ সম্পূৰ্ণৰূপে সংশোধন নকৰালৈকে এই ডিজিটেল লাইব্ৰেৰীটো তাৎক্ষণিকভাৱে বন্ধ কৰাৰ দাবী জনায়।  সঠিক তথ্য আৰু সম্পূৰ্ণ কামৰ জৰিয়তেহে এই প্ৰকল্পই ব্যয় কৰা ৰাজহুৱা ধনৰ উচিত মৰ্যাদা দিব পাৰিব বুলি শেষত উল্লেখ কৰে প্ৰাক্তন বিৰোধী দলপতি তথা কংগ্ৰেছ নেতাগৰাকীয়ে।


Post a Comment

Previous Post Next Post