মানৱতাক লজ্জানত কৰা ঘটনাঃ ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ কণমানিৰ অৰ্ধগলিত মৃতদেহ

মানৱতাক লজ্জানত কৰা ঘটনাঃ ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ কণমানিৰ অৰ্ধগলিত মৃতদেহ
ফটোঃ নিজা সংবাদদাতা


ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ  ডিব্ৰুগড় চহৰৰ সমীপৰ ব্ৰহ্মপুত্ৰ নদীত এটি কণমানি শিশুৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মানৱতাক লজ্জানত কৰা এই শোকাৱহ ঘটনাই এতিয়া সমগ্ৰ জিলাখনতে গভীৰ শোকৰ ছাঁ পেলাইছে।

প্ৰাপ্ত খবৰ অনুসৰি, ডিব্ৰুগড়ৰ তিনিকোণীয়া ধুবীয়াপট্টি অঞ্চলৰ সমীপৰ ব্ৰহ্মপুত্ৰ নদীত আজি এই মৃতদেহটো প্ৰত্যক্ষ কৰা হয়। স্থানীয় কেইজনমান যুৱকে নদীত মাছ ধৰিবলৈ যোৱাৰ সময়তে পানীত কিবা এটা বস্তু ভাঁহি থকা দেখা পাইছিল। প্ৰথম অৱস্থাত তাক এটা পুতলা বুলি ভাবিছিল যদিও ওচৰলৈ গৈ প্ৰত্যক্ষ কৰাত সেয়া এটি কণমানি শিশুৰ অৰ্ধগলিত মৃতদেহ বুলি নিশ্চিত হয়। 

লগে লগে স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে। তথ্য পোৱাৰ পিছতে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ নদীৰ বুকুৰ পৰা মৃতদেহটো উদ্ধাৰ কৰে। বৰ্তমানলৈকে উদ্ধাৰ হোৱা শিশুটোৰ পৰিচয় উদ্ধাৰ কৰিব পৰা হোৱা নাই। শিশুটি ক’ৰ পৰা কেনেকৈ উটি আহিল অথবা ইয়াৰ আঁৰত কোনো অপৰাধজনিত ঘটনা জড়িত হৈ আছে নেকি, সেই সন্দৰ্ভত আৰক্ষীয়ে ক্ষিপ্ৰ তদন্ত অব্যাহত ৰাখিছে।

Post a Comment

Previous Post Next Post