![]() |
| ফটোঃ নিজা সংবাদদাতা |
ডিজিটেল সংবাদ, সোণাৰিঃ চৰাইদেউ জিলাৰ সোণাৰিৰ দাঁতিকাষৰীয়া সাপেখাতীৰ ৰহনত দেওবাৰে অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সাপেখাতী আঞ্চলিক ছাত্ৰ সন্থাই। অইল ইণ্ডিয়াৰ অধীনস্থ 'জন এনাৰ্জি ৰিগ-৩০' ৰ দায়িত্বহীন পৰিচালনাৰ বিৰুদ্ধে আজি সাব্যস্ত কৰে আছু কৰ্মীসকলে এই বিক্ষোভ কাৰ্যসূচী।
প্ৰতিবাদকাৰীৰ অভিযোগ অনুসৰি, এই অইল ৰিগটোৰ বিসংগতিপূৰ্ণ পৰিচালনাৰ বাবে অঞ্চলটোৰ পৰিৱেশ তন্ত্ৰত বেয়াকৈ প্ৰভাৱ পৰিছে। ৰিগটোৰ পৰা নিৰ্গত হোৱা আৱৰ্জনাই জৈৱ বৈচিত্ৰ্য, কৃষিৰ লগতে জীৱকূলৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। সেয়েহে কৃষকসকলক উপযুক্ত ক্ষতিপূৰ্ণ প্ৰদান কৰাৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ।
ৰিগটোৰ বিসংগতিসমূহ অতিশীঘ্ৰে দূৰ কৰিবলৈ প্ৰতিবাদকাৰীসকলে অইল কৰ্তৃপক্ষক সকীয়নি প্ৰদান কৰি সাত দিনৰ সময়সীমা বান্ধি দিয়ে। অন্যথা সাপেখাতী আঞ্চলিক ছাত্ৰ সন্থাই 'জন এনাৰ্জি ৰিগ-৩০'ৰ কাম-কাজ সম্পূৰ্ণৰূপে বন্ধ কৰি দিব।
