![]() |
| ফটোঃ সুষ্মিতা দেৱৰ ফেচবুক পেজ |
ডিজিটেল ডেস্কঃ মমতা বেনাৰ্জীৰ সংগ এৰিলে এইবাৰ আন এগৰাকী জ্যেষ্ঠ তৃণমূল কংগ্ৰেছৰ নেত্ৰীয়ে। বুধবাৰে ৰাজ্যসভাৰ সাংসদ সুষ্মিতা দেৱে পদত্যাগ কৰা ঘটনাই ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে। পশ্চিম বংগত শাসনৰ গাদীৰ পৰা তৃণমূল কংগ্ৰেছ ক্ষমতাচ্যুত হোৱাৰ পিছৰে পৰা ধাৰাবাহিকভাৱে পদত্যাগ অব্যাহত আছে দলটোৰ শীৰ্ষ নেতাৰ। সুখেন্দু শেখৰৰ পাছত ৰাজ্যসভাৰ পৰা পদত্যাগ কৰা সুষ্মিতা দেৱৰ পদত্যাগে স্পষ্ট ইংগিত বহন কৰিছে যে, দলটোৰ আভ্যন্তৰত নিশ্চয় মতানৈক্য সৃষ্টি হৈছে। যদিও পদত্যাগৰ সন্দৰ্ভত কোনো আনুষ্ঠানিক তথ্য এতিয়াও প্ৰকাশ পোৱা নাই।
উল্লেখ্য যে, একালৰ শিলচৰৰ প্ৰাক্তন কংগ্ৰেছ লোকসভা সাংসদগৰাকীয়ে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত পৰাজয়ৰ পিছত কংগ্ৰেছ ত্যাগ কৰি ২০২১ চনত তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল । যোগদানৰ কিছুদিনৰ পাছতে তেওঁক তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰৰ দায়িত্ব অৰ্পণ কৰাই নহয় ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ পিছত দলটোৰ অন্যতম এগৰাকী শক্তিশালী নেত্ৰী হিচাপে দলটোক সমগ্ৰ দেশৰ লগতে বিশেষকৈ অসমত প্ৰভাৱ বিস্তাৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।
অৱশেষত পশ্চিমবংগত দলটোৰ শোচনীয় পৰাজয়ৰ পাছত এনেদৰে দলটোৰ শীৰ্ষ নেত্ৰীৰ পদত্যাগে নিশ্চয়কৈ দলটোক পুনৰ ঠন ধৰি উঠাত যথেষ্ঠ প্ৰত্যাহ্বানৰ সন্মুখীন হব বুলি সৰ্বত্ৰে চৰ্চা চলিছে।

