ধুবুৰীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী বৃহৎ অভিযান, দুটা পৃথক অভিযানত বুজন পৰিমাণৰ নিষিদ্ধ সামগ্ৰীসহ তিনি সৰবৰাহকাৰী আটক

ধুবুৰীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী বৃহৎ অভিযান
ফটোঃ নিজা সংবাদদাতা

ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰী জিলা আৰক্ষীয়ে ধুবুৰী চহৰৰ ঝাগৰাৰপাৰ আৰু আই জি ৰোডত দেওবাৰে নিশা এক গোপন সূত্ৰৰ পম খেদি চলোৱা পৃথক পৃথক অভিযানত বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰাৰ লগতে তিনিজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, প্ৰথমটো অভিযান ঝাগৰাৰপাৰ অঞ্চলৰ আনোৱাৰ হুছেইন নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীৰ ঘৰত চলোৱা হয়। আৰক্ষীয়ে হুছেইনৰ বাসগৃহৰ পৰা ৩১টা নিষিদ্ধ কফ চিৰাফৰ বটল, ১,২৬৭ টা নিচাজাতীয় টেবলেট আৰু বুজন পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰে। ইয়াৰ লগে লগে সৰবৰাহকাৰী আনোৱাৰ হুছেইনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

ঠিক একে সময়তে আৰক্ষীৰ আন এটি দলে চহৰখনৰ আই জি ৰোডৰ এখন দোকানত দ্বিতীয়টো অভিযান চলায়। উক্ত অভিযান কালতো দোকানখনৰ পৰা বুজন পৰিমাণৰ নিচাজাতীয় কফ চিৰাফ, টেবলেট আৰু নগদ ধন জব্দ কৰা হয়। এই কাৰ্যৰ সৈতে জড়িত থকাৰ অপৰাধত দোকানখনৰ স্বত্বাধিকাৰীৰ লগতে আন এজন সৰবৰাহকাৰীকো আৰক্ষীয়ে আটক কৰে। উদ্ধাৰ হোৱা নিষিদ্ধ সামগ্ৰীসমূহ সহ আটকাধীন তিনিওজন অভিযুক্তকে ধুবুৰী সদৰ থানালৈ অনা হয়। এই আন্তঃজিলা ড্ৰাগছ সৰবৰাহকাৰী চক্ৰটোৰ সৈতে আৰু কোন কোন জড়িত আছে, সেই সন্দৰ্ভত আৰক্ষীয়ে সম্প্ৰতি জেৰা অব্যাহত ৰাখিছে।


অভিযানৰ কালত উপস্থিত থকা অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ শাখা) গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে ধুবুৰী জিলাক ড্ৰাগছ মুক্ত কৰিবলৈ আৰক্ষী প্ৰশাসন সংকল্পবদ্ধ। জিলাখনত চলি থকা অবৈধ ড্ৰাগছৰ ব্যৱসায় আৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে অনাগত দিনতো এনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব আৰু দোষীক আইনগতভাৱে কঠোৰতম শাস্তি প্ৰদানৰ ব্যৱস্থা কৰা হ’ব।

Post a Comment

Previous Post Next Post