দেৰগাঁৱৰ ৰঙামাটিত ভয়াবহ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত ২

 

দেৰগাঁৱৰ ৰঙামাটিত ভয়াবহ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত ২
ফটোঃ নিজা সংবাদদাতা 

ডিজিটেল সংবাদ,দেৰগাঁওঃ দেৰগাঁৱৰ সমীপবৰ্তী ৰঙামাটিত দেওবাৰে নিশা এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয়। এই মৰ্মান্তিক দুৰ্ঘটনাত এজন বাইক আৰোহী থিতাতে নিহত হোৱাৰ বিপৰীতে আন দুজন যুৱক গুৰুত্বৰভাৱে আহত হয়।

প্ৰাপ্ত তথ্য মতে, এখন মটৰচাইকেলত তিনিজন যুৱক আহি থকা অৱস্থাতে ৰঙামাটিত এই দুৰ্ঘটনাটো ঘটে। নিহত যুৱকজনক ৰঙাগৰাৰ সঞ্জীৱ কৰ্মকাৰ বুলি চিনাক্ত কৰা হৈছে। দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে সঞ্জীৱ কৰ্মকাৰ নামৰ যুৱকজনৰ থিতাতে মৃত্যু হয়।

আনহাতে, বাইকখনত থকা আন দুজন যুৱকো এই ঘটনাত গুৰুতৰভাৱে আহত হয়। স্থানীয় ৰাইজ আৰু আৰক্ষীৰ সহযোগত আহত যুৱক দুজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। বৰ্তমান তেওঁলোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

Post a Comment

Previous Post Next Post