সাপেখাতীত AJYCPৰ উত্তাল বিক্ষোভ, অত্যাৱশ্যকীয় সামগ্ৰী আৰু ইন্ধনৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

সাপেখাতীত AJYCPৰ উত্তাল বিক্ষোভ, অত্যাৱশ্যকীয় সামগ্ৰী আৰু ইন্ধনৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ
ফটোঃ নিজা সংবাদদাতা


ডিজিটেল সংবাদ, সোণাৰিঃ চৰাইদেউৰ সাপেখাতীত মূল্যবৃদ্ধিৰ বিৰুদ্ধে জ্বলি উঠিছে প্ৰতিবাদৰ জুই। পেট্ৰ’ল, ডিজেলৰ লগতে দৈনিক ব্যৱহাৰ্য অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ অনিয়ন্ত্ৰিত আৰু আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি সাপেখাতীত এক তীব্ৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (AJYCP)ৰ সাপেখাতী আঞ্চলিক সমিতিৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়। সংগঠনটোৰ অৰ্ধশতাধিক কাৰ্যকৰ্তাই সাপেখাতী মেডিকেল তিনিআলিত একগোট হৈ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে।



প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে সমগ্ৰ সাপেখাতীৰ পৰিৱেশ উত্তাল কৰি তোলে। সৰ্বসাধাৰণ ৰাইজক মাধমাৰ শোধোৱা এই মূল্যবৃদ্ধি অনতিবিলম্বে ৰোধ কৰিবলৈ তেওঁলোকে চৰকাৰক দাবী জনায়। এই বিক্ষোভ কাৰ্যসূচীত সংগঠনটোৰ বিষয়ববীয়াৰ লগতে স্থানীয় সচেতন ৰাইজেও সঁহাৰি জনায়।

Post a Comment

Previous Post Next Post