![]() |
| ফটোঃ নিজা সংবাদদাতা |
ডিজিটেল সংবাদ, মেৰাপানীঃ ক্ৰমাগতভাৱে বৃদ্ধি পোৱা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি মেৰাপানীত এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কৃষক মুক্তি সংগ্ৰাম সমিতি (KMSS) আৰু স্থানীয় ৰাইজৰ যৌথ উদ্যোগত আজি চৰকাৰৰ বিৰুদ্ধে এই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয়।
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ নেতৃত্বত শতাধিক প্ৰতিবাদকাৰী ৰাজপথলৈ ওলাই আহে। পেট্ৰ’ল, ডিজেল, অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰী, জীৱনদায়িনী ঔষধ আৰু যানবাহনৰ অনিয়ন্ত্ৰিত ভাড়া বৃদ্ধিৰ বিৰুদ্ধে ক্ষোভ উজাৰি প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লেকাৰ্ড আৰু বেনাৰ লৈ সমগ্ৰ এলেকা উত্তাল কৰি তোলে।
প্ৰতিবাদকাৰীসকলে বৰ্তমানৰ বিজেপি চৰকাৰখনৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে বিভিন্ন চৰকাৰ বিৰোধী শ্লোগান দিয়ে। প্ৰতিবাদৰ এক পৰ্যায়ত ক্ষুব্ধ কাৰ্যকৰ্তাসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি নিজৰ তীব্ৰ অসন্তুষ্টি প্ৰদৰ্শন কৰে। সংগঠনটোৱে চৰকাৰক অনতিবিলম্বে সাধাৰণ ৰাইজক মাধমাৰ শোধোৱা এই মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ দাবী জনাইছে।
