![]() |
| ফটোঃ নিজা সংবাদদাতা |
ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট চহৰৰ মাজেৰে পাৰ হৈ যোৱা ঐতিহাসিক ধোদৰ আলিত দিনে-নিশাই বৃদ্ধি পোৱা উদঙীয়া গৰুৰ সন্ত্ৰাসে এতিয়া চৰম বিপৰ্যয় মাতি আনিছে। বিশেষকৈ কছাৰীহাট বনগাঁৱৰ পৰা কমাৰবন্ধাৰ বকলাই এলেকাটোলৈকে পথছোৱা সুন্দৰকৈ নিৰ্মাণ কৰাৰ পিছৰে পৰা এই অঞ্চলত যান-বাহনৰ চলাচল যথেষ্ট বৃদ্ধি পাইছে। কিন্তু এই উন্নত যাতায়ত ব্যৱস্থাৰ মাজতেই এতিয়া কাল হৈ পৰিছে একাংশ স্থানীয় লোকৰ দায়িত্বহীনতা। অভিযোগ অনুসৰি, একাংশ স্থানীয় গৰু মালিকে নিজৰ পোহনীয়া গৰু-ছাগলীবোৰ মুকলিকৈ মেলি দিয়ে। ফলত জাক জাক গৰুৱে পথৰ সোঁমাজত অৱস্থান গ্ৰহণ কৰাৰ বাবে পথাচাৰী তথা যান-বাহন চলাচলৰ ক্ষেত্ৰত এক ভয়ংকৰ আৰু বিপজ্জনক পৰিৱেশৰ সৃষ্টি হৈছে। ইতিমধ্যে এই উদঙীয়া গৰুৰ জাকৰ বাবে অঞ্চলটোত কেইবাটাও বাইক আৰু স্কুটী আৰোহী দুৰ্ঘটনাৰ বলি হ’বলগীয়া হৈছে।
স্থানীয় সচেতন ৰাইজে ক্ষোভ প্ৰকাশ কৰি জনোৱা মতে, এক আচৰিত মানসিকতা প্ৰদৰ্শন কৰি গৰুৰ মালিকসকলে সন্ধিয়া হ’লেই কেৱল গাখীৰ দিয়া গাই গৰুবোৰহে নিজৰ গোহালিলৈ লৈ যায়। ইয়াৰ বিপৰীতে আন আন বলধ বা অনুৎপাদক গৰুবোৰ সমগ্ৰ নিশাটোৰ বাবে ধোদৰ আলিৰ পথৰ মাজতেই ঘাঁহ পাগুলি থাকিবলৈ এৰি দিয়ে। ফলত নৈশভাগত তীব্ৰবেগী বাহনসমূহৰ বাবে এই গৰুবোৰ এক অপ্ৰত্যাশিত মৃত্যুৰ ফান্দ সদৃশ হৈ পৰিছে। দিনক দিনে বৃদ্ধি পোৱা এনে দুৰ্ঘটনা আৰু বিশৃংখলতাত অতিষ্ঠ হৈ পৰিছে গোলাঘাটবাসী।
অনতিবিলম্বে এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰি পথ সুৰক্ষিত কৰিবলৈ সচেতন মহলে গোলাঘাট জিলা প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষক দাবী উত্থাপন কৰিছে।
