সম্ভাৱ্য বানৰ মোকাবিলা কৰিবলৈ সাজু কাজিৰঙা: স্পীড ব’ট, ফ্লটিং কেম্প সাজু কৰাৰ কথা জনালে ডি এফ অ’ই

সম্ভাৱ্য বানৰ মোকাবিলা কৰিবলৈ সাজু কাজিৰঙা: স্পীড ব’ট, ফ্লটিং কেম্প সাজু কৰাৰ কথা জনালে ডি এফ অ’ই
ফটোঃ সামাজিক মাধ্যমৰ সৌজন্যত


ডিজিটেল সংবাদ, বোকাখাতঃ অহা বাৰিষা কালত সৃষ্টি হ’বলগীয়া সম্ভাৱ্য বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ এতিয়াৰে পৰা সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ। উদ্যানখনৰ বন্যপ্ৰাণী আৰু বনকৰ্মীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ বন বিভাগে ইতিমধ্যে বহুসংখ্যক মেকানাইজড নাও, নতুন স্পীড ব’ট আৰু ফ্লটিং কেম্প (ওপঙা বন শিবিৰ) সাজু কৰি তুলিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ ডি এফ অ’ (DFO) অৰুণ বিগনেছে সংবাদ মাধ্যমৰ আগত এই গুৰুত্বপূৰ্ণ প্ৰস্তুতিৰ কথা সদৰী কৰিছে। ডি এফ অ’ গৰাকীয়ে জানিবলৈ দিয়া মতে, বিগত বৰ্ষসমূহৰ অভিজ্ঞতাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ পূৰ্বতকৈ অধিক সতৰ্কতা অৱলম্বন কৰা হৈছে। বানৰ সময়ত বন্যপ্ৰাণীৰ সুৰক্ষা আৰু চোৰাং চিকাৰীৰ ওপৰত চোকা নজৰ ৰাখিবলৈ কেইবাখনো নতুন স্পীড ব’ট আৰু বিভাগীয় নাও বিশেষভাৱে সাজু কৰা হৈছে। উল্লেখ্য যে, ভয়াৱহ বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত প্ৰায় ১৬০ টা বন শিবিৰ (Anti-poaching camp) বানৰ কবলত পৰে। তেনে পৰিস্থিতিত বনকৰ্মীসকলে আশ্ৰয় লৈ কৰ্তব্য পালন কৰিব পৰাকৈ ফ্লটিং কেম্পসমূহ উপযোগী কৰি তোলা হৈছে।কেৱল কাজিৰঙাৰ ৫ টা মূল ৰেঞ্জেই নহয়, ইয়াৰ সমান্তৰালভাৱে শোণিতপুৰ আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ বনাঞ্চলসমূহতো বানে ভয়ংকৰ ৰূপ ধাৰণ কৰে। সেইবাবে এই সকলোবোৰ সংবেদনশীল অঞ্চল সামৰি বন বিভাগে কটকটীয়া নিৰাপত্তা আৰু উদ্ধাৰকাৰী ব্যৱস্থা হাতত লৈছে। বানৰ সময়ত কাষৰীয়া কাৰ্বি পাহাৰলৈ আৱ্ৰজন কৰা বন্যপ্ৰাণীসমূহৰ সুৰক্ষাৰ বাবেও ৰাষ্ট্ৰীয় ঘাইপথত বিশেষ দৃষ্টি ৰখা হ’ব বুলি বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে।

Post a Comment

Previous Post Next Post