সোণাৰিত নাহৰফুটুকীৰ সন্ত্ৰাসঃ চাহ বাগিচাত কাম কৰি থকা অৱস্থাতে বাঘৰ আক্ৰমণত ৩ গৰাকী মহিলা শ্ৰমিক গুৰুতৰভাৱে আহত

সোণাৰিত নাহৰফুটুকীৰ সন্ত্ৰাসঃ চাহ বাগিচাত কাম কৰি থকা অৱস্থাতে বাঘৰ আক্ৰমণত ৩ গৰাকী মহিলা শ্ৰমিক গুৰুতৰভাৱে আহত
ফটোঃ দিলশিৰি


ডিজিটেল সংবাদ, সোণাৰিঃ চৰাইদেউ জিলাৰ সোণাৰিৰ সমীপৰ শান্তিপুৰ চাহ বাগিচাত মঙ্গলবাৰে এক ভয়ংকৰ নাহৰফুটুকী বাঘৰ আক্ৰমণৰ ঘটনা সংঘটিত হয়। বাঘৰ এই অতৰ্কিত আক্ৰমণৰ ফলত বাগিচাখনত কৰ্মৰত তিনি গৰাকীকৈ মহিলা চাহ শ্ৰমিক গুৰুতৰভাৱে আহত হোৱাত সমগ্ৰ অঞ্চলটোতে তীব্ৰ আতংকৰ সৃষ্টি হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, বৰহাট আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত শান্তিপুৰ চাহ বাগিচাত দিনৰ ভাগত সদায়ৰ দৰে মহিলা শ্ৰমিক কেইগৰাকীয়ে কাম কৰি আছিল। সেই সময়তে হঠাতে জোপোহাৰ মাজৰ পৰা ওলাই অহা এটা নাহৰফুটুকী বাঘে শ্ৰমিকসকলৰ ওপৰত জপিয়াই পৰে।বাঘৰ এই কৰুণ আক্ৰমণত মিনতি বাঢ়ৈ, জোনাকী বাস্কে আৰু বৰ্ণালী মুৰ্মূ নামৰ তিনিগৰাকী মহিলা চাহ শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ঘটনাৰ পিছতে বাগিচাখনৰ অন্যান্য শ্ৰমিক আৰু স্থানীয় ৰাইজ একগোট হৈ চিঞৰ-বাখৰ কৰাত বাঘটোৱে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।অঞ্চলবাসীয়ে লগে লগে আহত শ্ৰমিক কেইগৰাকীক উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসাৰ বাবে চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বৰ্তমান চিকিৎসালয়খনত তেওঁলোকৰ চিকিৎসা চলি আছে। এই ভয়ংকৰ ঘটনাটোৰ পিছৰে পৰা শান্তিপুৰ চাহ বাগিচাৰ শ্ৰমিকসকলৰ মাজত কাম কৰিবলৈ তীব্ৰ ভয় আৰু সংশয়ৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজে বৰহাট বন বিভাগক উক্ত স্থানত শীঘ্ৰেই বাঘ ধৰা পিঞ্জৰা স্থাপন কৰিবলৈ জোৰদাৰ দাবী জনাইছে।

Post a Comment

Previous Post Next Post