বোকাখাতত আৰক্ষীৰ জোৰদাৰ ড্ৰাগছ বিৰোধী অভিযানঃ ৫ ড্ৰাগছ সেৱনকাৰী যুৱকক আটক, মূল সৰবৰাহকাৰীৰ সন্ধানত তদন্ত অব্যাহত

বোকাখাতত আৰক্ষীৰ জোৰদাৰ ড্ৰাগছ বিৰোধী অভিযান
ফটোঃ নিজা সংবাদদাতা


ডিজিটেল সংবাদ, বোকাখাতঃ বোকাখাত নগৰ তথা সমগ্ৰ মহকুমাটোৰ বিভিন্ন স্থানত নৱ-প্ৰজন্মক তিল তিলকৈ ধ্বংসৰ মুখলৈ ঠেলি দিয়া মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অতি তৎপৰ হৈ পৰিছে বোকাখাট আৰক্ষী প্ৰশাসন। বুধবাৰে আৰক্ষীয়ে বোকাখাতৰ ভিন্ন প্ৰান্তত এক আকস্মিক ড্ৰাগছ বিৰোধী অভিযান চলাই ৫ গৰাকী ড্ৰাগছ সেৱনকাৰী যুৱকক আটক কৰিবলৈ সক্ষম হয়। স্থানীয় সূত্ৰই প্ৰকাশ কৰা মতে, বিগত বছৰসমূহৰ তুলনাত চলিত বৰ্ষত বোকাখাত আৰু ইয়াৰ আশে-পাশে থকা গ্ৰামাঞ্চলসমূহত ড্ৰাগছৰ প্ৰচলন ভয়াৱহভাৱে বৃদ্ধি পাইছে। বুধবাৰে আটক কৰা ৫ যুৱকক বৰ্তমান আৰক্ষীয়ে তীব্ৰ জেৰা অব্যাহত ৰাখিছে। 

জানিব পৰা মতে, এই আটকাধীন যুৱককেইজনৰ স্বীকাৰোক্তি আৰু তথ্যৰ ভিত্তিত বোকাখাত নগৰ তথা গ্ৰাম্য অঞ্চলত ড্ৰাগছৰ জাল মেলি থকা মূল ড্ৰাগছ মাফিয়া তথা সৰবৰাহকাৰীৰ সন্ধানত আৰক্ষীয়ে এক গোপন অভিযান আৰম্ভ কৰিছে। অৱশ্যে তদন্তৰ খাতিৰত আৰু মূল অপৰাধী যাতে পলাই যাব নোৱাৰে, সেই উদ্দেশ্যে বৰ্তমানলৈকে সংবাদ মাধ্যমৰ আগত ধৃত যুৱককেইজনৰ নাম বা অধিক তথ্য সদৰী কৰা নাই বোকাখাত আৰক্ষীয়ে। আৰক্ষীৰ এই তৎপৰতাক বোকাখাতৰ সচেতন মহলে আদৰণি জনাইছে আৰু ড্ৰাগছৰ মূল ঘাটি উচ্ছেদ কৰিবলৈ দাবী উত্থাপন কৰিছে।


Post a Comment

Previous Post Next Post