![]() |
| ফটোঃ নিজা সংবাদদাতা |
ডিজিটেল সংবাদ, বৰপথাৰঃ বৰপথাৰ নগৰৰ মাজমজিয়াত শুক্ৰবাৰে বিয়লি ভাগত এটা অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। নগৰখনৰ মৌজাদাৰ কাৰ্যালয়ৰ ঠিক কাষতে থকা এটা নিৰ্মীয়মান নলাৰ ওচৰত স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰে। প্ৰত্যক্ষদৰ্শীৰ সূত্ৰই জনোৱা মতে, উদ্ধাৰৰ সময়ত মৃতদেহটো প্ৰায় উৱলি গৈছিল। মৃতদেহটোৰ বিকৃত অৱস্থালৈ চাই আৰক্ষী আৰু স্থানীয় ৰাইজে অনুমান কৰিছে যে কেইবাদিনৰ আগতেই লোকজনৰ মৃত্যু ঘটিছিল। মৃত ব্যক্তিগৰাকীৰ বয়স প্ৰায় ৪০ বছৰৰ উৰ্ধৰ হ’ব বুলি আৰক্ষীৰ প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে।
ইফালে আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা উৱলি যোৱা মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বৰ্তমানলৈকে মৃত ব্যক্তিগৰাকী কোন, ক’ৰ পৰা আহিছিল আৰু তেওঁৰ মৃত্যু কেনে পৰিস্থিতিত হৈছিল, সেই বিষয়ে কোনো ক্লু লাভ কৰা নাই আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰি তুলিছে বৰপথাৰ আৰক্ষীয়ে।
