![]() |
| ফটোঃ নিজা সংবাদদাতা |
ডিজিটেল সংবাদ, খুমটাইঃ খুমটাইৰ বুটলিখোৱাত দেওবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। যোৱা শুকুৰবাৰৰ পৰা নিখোজ হৈ থকা নতুনমাটি চাহ বাগিচাৰ ৰাজ কালিন্দী নামৰ এগৰাকী যুৱকৰ সন্ধান উলিওৱাৰ দাবীত উত্তেজিত স্থানীয় ৰাইজে পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
ঘটনাৰ বিৱৰণি অনুসৰি, যোৱা শুকুৰবাৰে ৰাজ কালিন্দীয়ে তেওঁৰ তিনিজন বন্ধুৰ সৈতে ধনশিৰি নদীত গা ধুবলৈ গৈছিল আৰু তাৰ পিছৰে পৰাই তেওঁ নিখোজ হৈ পৰে। এই সন্দৰ্ভত ভুক্তভোগী পৰিয়ালৰ লোকে খুমটাই আৰক্ষী চকীত এক গোচৰ ৰুজু কৰিছিল। গোচৰৰ ভিত্তিত আৰক্ষী, এছ.ডি.আৰ.এফ. আৰু এন.ডি.আৰ.এফ. বাহিনীয়ে নদীত ব্যাপক সন্ধান অভিযান চলায় যদিও বিগত তিনিদিনে যুৱকজনৰ কোনো সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই।ইফালে এই ঘটনাৰ পিছতে খুমটাই আৰক্ষীয়ে সোধ-পোছৰ বাবে ৰাজ কালিন্দীৰ সৈতে যোৱা তিনিজন বন্ধুক আটক কৰিছিল যদিও পিছত তেওঁলোকক এৰি দিয়ে।
আৰক্ষীৰ এই পদক্ষেপক লৈ ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। যুৱকজনক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে বুলি সন্দেহ প্ৰকাশ কৰি প্ৰতিবাদকাৰীসকলে খুমটাই আৰক্ষীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে। আনকি আৰক্ষীয়ে সন্দেহৰ আৱৰ্তত থকা যুৱক তিনিজনক ৰক্ষণাবেক্ষণ দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। বৰ্তমানো অঞ্চলটোত পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ আছে।
