![]() |
| ফটোঃ নিজা সংবাদদাতা |
উল্লেখযোগ্য যে, তিতাবৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট লেখক তথা পৰিৱেশকৰ্মী ড° দিলীপ কুমাৰ কলিতাৰ পবিত্ৰ সোঁৱৰণত তেওঁৰ ধৰ্মপত্নী তথা লেখিকা ড° দীপালী খাৰঘৰীয়া কলিতাই এই বঁটাটি আগবঢ়াইছে।আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ জিলা সমন্বয়ক ধীৰেন্দ্ৰ কুমাৰ গগৈয়ে সংবাদ মাধ্যমক জনোৱা মতে, প্ৰকৃতিপ্ৰেমী অনুষ্ঠান 'সেৱা'ৰ উদ্যোগত অহা ৫ জুনত মৰিয়নি ৰে'লৱে হাইস্কুলত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হ'ব। এই কেন্দ্ৰীয় অনুষ্ঠানতে গোস্বামীক আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰা হ'ব।
দীৰ্ঘদিন ধৰি প্ৰকৃতি সুৰক্ষাৰ সৈতে জড়িত অপূৰ্ব বল্লভ গোস্বামীয়ে নুমলীগড়ৰ ঐতিহাসিক দেওপাহাৰ বনাঞ্চল সংৰক্ষণ, ধনশিৰি নদী পৰিষ্কাৰকৰণ আৰু সিংহাসন পাহাৰৰ জীৱ-বৈচিত্র্য ৰক্ষাৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰি আহিছে। ইয়াৰ উপৰিও অবৈধ বালি আৰু কয়লা খনন বন্ধ কৰা তথা হাতী-মানুহৰ সংঘাত দূৰীকৰণৰ বাবে তেওঁ চলাই অহা নিৰন্তৰ সচেতনতামূলক প্ৰচেষ্টাৰ বাবেই তেওঁক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। এই খবৰে সমগ্ৰ অঞ্চলটোৰ প্ৰকৃতিপ্ৰেমীসকলৰ মাজত আনন্দৰ জোৱাৰ তুলিছে।
