![]() |
| ফটোঃ নিজা সংবাদদাতা |
ডিজিটেল সংবাদ, মেৰাপানীঃ মূৰৰ ঘাম মাটিত পেলাই, বেংকৰ পৰা কৃষি ঋণ লৈ অধিক লাভৰ আশাৰে খেতি কৰিছিল গোলাঘাট জিলাৰ মেৰাপানীৰ খেতিয়কসকলে। পিছে এতিয়া লাভ দূৰৰে কথা, উৎপাদিত ফচলৰ উচিত মূল্য নাপাই তীব্ৰ লোকচানৰ বোজা বহন কৰিবলগীয়া হৈছে অঞ্চলটোৰ শ শ কৃষকে। মেৰাপানীৰ বৃহত্তৰ দৈয়াং অঞ্চলত সম্প্ৰতি বিলাহীৰ বজাৰ মূল্য একেবাৰে তললৈ নামি যোৱাৰ ফলত কৃষক সমাজৰ মাজত তীব্ৰ হতাশা আৰু উদ্বেগে বিৰাজ কৰিছে।
স্থানীয় কৃষকে জনোৱা মতে, বৰ্তমান বজাৰত বিলাহীৰ মূল্য ইমানেই নিম্নগামী হৈছে যে, ১ টকা বা ২ টকা কিলোগ্ৰাম দৰতো কোনো ক্ৰেতা ওলোৱা নাই। ফলত উপায়হীন হৈ বহু কৃষকে বজাৰলৈ বিক্ৰীৰ বাবে নিয়া বিলাহী পুনৰ ঘৰলৈ উভতাই আনি গৰুক খাবলৈ দিবলগীয়া এক মৰ্মান্তিক পৰিস্থিতিৰ সৃষ্টি হৈছে। খেতিৰ বাবে কৰা খৰচ উলিওৱাটোৱেই এতিয়া কৃষিজীৱী লোকসকলৰ বাবে অসম্ভৱ হৈ পৰিছে, যাৰ বাবে তেওঁলোকৰ ভৱিষ্যতৰ সপোন এতিয়া ভাঙি চূৰমাৰ হৈ গৈছে।
ইফালে, সমগ্ৰ মেৰাপানী তথা দৈয়াং অঞ্চলত এটাও শীতলীকৰণ ভঁৰাল বা উন্নত সংৰক্ষণ ব্যৱস্থা নাই। যাৰ ফলত খেতিয়কসকলে তেওঁলোকৰ কষ্টোপাৰ্জিত উৎপাদিত ফচলসমূহ নষ্ট নোহোৱাকৈ সংৰক্ষণ কৰি ৰখাৰ কোনো সুযোগ পোৱা নাই। কৃষি প্ৰধান অঞ্চলটোৰ এই দুৰৱস্থাৰ বাবে এতিয়া স্থানীয় কৃষকসকলে চৰকাৰ আৰু কৃষি বিভাগৰ চৰম উদাসীনতাক জগৰীয়া কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। সচেতন মহল আৰু ভুক্তভোগী কৃষকসকলে চৰকাৰক অতি শীঘ্ৰে মেৰাপানীত এটা শীতলীকৰণ ভঁৰাল স্থাপন কৰিবলৈ, বিলাহীৰ উচিত বজাৰ মূল্য নিশ্চিত কৰিবলৈ আৰু ক্ষতিগ্ৰস্ত খেতিয়কসকলক উপযুক্ত চৰকাৰী সাহায্য প্ৰদান কৰিবলৈ সজোৰে দাবী জনাইছে।
