
ফটোঃ িনজা সংবাদদাতা
ডিজিটেল সংবাদ, সোণাৰিঃ সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনৰ একাধিক ৰাজনৈতিক কাৰ্যসূচী আৰু বাহন পাৰ্কিঙৰ বাবে ব্যৱহাৰ কৰাৰ ফলত চৰাইদেউ জিলাৰ ক্ৰীড়াৰ প্ৰাণকেন্দ্ৰস্বৰূপ ঐতিহাসিক সোণাৰি ৰাজহুৱা খেলপথাৰখনে সম্প্ৰতি এক অতি জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে। নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা প্ৰায় এটা মাহ অতিক্ৰম কৰাৰ পিছতো জিলা প্ৰশাসনে খেলপথাৰখন মেৰামতিৰ কোনো পদক্ষেপ গ্ৰহণ নকৰাত স্থানীয় ক্ৰীড়াপ্ৰেমী আৰু সচেতন মহলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে।
উল্লেখযোগ্য যে, চৰাইদেউ জিলা প্ৰশাসনৰ অধীনত থকা এই খেলপথাৰখনত বছৰটোৰ বাৰটা মাহতে বিভিন্ন ক্ৰীড়াৰ প্ৰশিক্ষণ আৰু জিলা পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হৈ আহে। ইয়াৰ উপৰিও অঞ্চলটোৰ উদীয়মান প্ৰতিভা সম্পন্ন খেলুৱৈসকলে দৈনিক ইয়াত বিভিন্ন খেলৰ অনুশীলন কৰে। আনকি জিলা প্ৰশাসনে স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসৰ চৰকাৰী কাৰ্যসূচীও ইয়াতেই আয়োজন কৰে। স্থানীয় ৰাইজে অভিযোগ কৰা মতে, বিগত নিৰ্বাচনৰ সময়ত এই গুৰুত্বপূৰ্ণ খেলপথাৰখনত ৰাজ্য চৰকাৰৰ এক বিশাল সভা অনুষ্ঠিত কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ উপস্থিতিত এক বৃহৎ নিৰ্বাচনী প্ৰচাৰ সভাৰো আয়োজন কৰা হৈছিল। কেৱল ইমানেই নহয়, নিৰ্বাচনৰ কামত নিয়োজিত শ্লটৰ পিছত শ্লট যান-বাহনসমূহ ৰাখিবৰ বাবেও এই খেলপথাৰখনকে ডাম্পিং গ্ৰাউণ্ডসদৃশ পাৰ্কিং স্থান হিচাপে ব্যৱহাৰ কৰা হৈছিল। অতি প্ৰতিকূল বতৰ আৰু ধাৰাষাৰ বৰষুণৰ মাজতে এই সকলোবোৰ কাৰ্যসূচী আৰু গধুৰ বাহন চলাচল কৰাৰ ফলত খেলপথাৰখন সম্পূৰ্ণৰূপে বিধ্বস্ত আৰু বোকাৰে পোত খাই পৰে।
পৰিতাপৰ বিষয় যে নিৰ্বাচন শেষ হোৱাৰ এমাহ দিন হ’ল যদিও জিলা প্ৰশাসনে খেলপথাৰখন পূৰ্বৰ অৱস্থালৈ ঘূৰাই অনাৰ বাবে কোনো গুৰুত্ব আৰোপ কৰা নাই। ইয়াৰ ফলত দৈনিক অনুশীলনৰ বাবে অহা খেলুৱৈসকলৰ লগতে তেওঁলোকৰ অভিভাৱকসকল চৰম বিবুধিত পৰিছে। খেলুৱৈসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি খেলপথাৰ খন শীঘ্ৰেই মেৰামতি কৰাই পুনৰ খেলৰ উপযোগী কৰি তুলিবলৈ সচেতন মহলে জিলা প্ৰশাসন তথা ক্ৰীড়া বিভাগক সজোৰে দাবী জনাইছে।
দুৰ্ভাগ্যজনক
ReplyDelete