ঐতিহ্যমণ্ডিত ঢেকীয়াখোৱা বৰ নামঘৰত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩৭ তম্ জন্ম জয়ন্তীৰ ব্যাপক প্ৰস্তুতি, ১ জুনত দিনযোৰা কাৰ্যসূচী

ঐতিহ্যমণ্ডিত ঢেকীয়াখোৱা বৰ নামঘৰত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩৭ তম্ জন্ম জয়ন্তীৰ ব্যাপক প্ৰস্তুতি
ফটোঃ নিজা সংবাদদাতা


ডিজিটেল সংবাদ, টীয়কঃ যোৰহাট জিলাৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ স্মৃতিবিজড়িত ঐতিহাসিক তথা ঐতিহ্যমণ্ডিত ঢেকীয়াখোৱা বৰ নামঘৰত চলিছে উৎসৱমুখৰ পৰিৱেশ। অহা অসমীয়া ১৭ জেঠ, অৰ্থাৎ ইংৰাজী ১ জুন তাৰিখে দিনযোৰা আধ্যাত্মিক আৰু সাংস্কৃতিক কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩৭ সংখ্যক জন্ম জয়ন্তী ভাগ আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰিবলৈ ঢেকীয়াখোৱা বৰ নামঘৰ পৰিচালনা সমিতিয়ে ব্যাপক প্ৰস্তুতি চলাইছে। উদযাপন সমিতিৰ কাৰ্যসূচী অনুসৰি, ১ জুনৰ পুৱা ৭:৩০ বজাত এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ’ব। ইয়াৰ পিছতে দুপৰীয়াভাগত নাম-প্ৰসংগ, গুৰু চৰিত্ৰ পাঠ আৰু ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত হ’ব। 

এই বিশেষ ব্যাখ্যা অনুষ্ঠানত মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ বুঢ়াভকত দিলীপ শৰ্মা উপস্থিত থাকি ধৰ্মালোচনাত অংশগ্ৰহণ কৰিব। মহাপুৰুষজনাৰ সৃষ্টিৰাজিক ন-প্ৰজন্মৰ মাজত প্ৰসাৰ কৰাৰ উদ্দেশ্যে বিয়লিৰ ভাগলৈ মাধৱদেৱ সংগীত মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা বৰগীত আৰু সত্ৰীয়া নৃত্য পৰিৱেশন কৰা হ’ব। ইয়াৰ উপৰিও, এই পবিত্ৰ কাৰ্যসূচীৰ অংশ হিচাপে চলিত ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত (HSLC) আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত (HS) পৰীক্ষাত কৃতিত্ব সহকাৰে উত্তীৰ্ণ হোৱা অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলক এক বিশেষ অনুষ্ঠানৰ জৰিয়তে আশীৰ্বাদ আৰু অভিনন্দন জ্ঞাপন কৰা হ’ব। 



ঢেকীয়াখোৱা বৰ নামঘৰ পৰিচালনা সমিতিয়ে এই পবিত্ৰ জন্ম জয়ন্তীৰ সকলো কাৰ্যসূচীতে সমগ্ৰ ৰাজ্যৰ ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।

Post a Comment

Previous Post Next Post