![]() |
| ফটোঃ নিজা সংবাদদাতা |
ডিজিটেল সংবাদ, সোণাৰিঃ চৰাইদেউ জিলাৰ মাহমৰাৰ বিশ্ৰামপুৰত সংঘটিত হোৱা বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা বিশ্ৰামপুৰ জাতীয় বিদ্যালয়ৰ শিক্ষক অৱণী বৰুৱাৰ কৰুণ আত্মহত্যাৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই মৰ্মান্তিক ঘটনাৰ পাছতেই এতিয়া উন্মোচন হৈছে এক চাঞ্চল্যকৰ নতুন দিশ। ধাৰলৈ লোৱা ধন আদায় দিয়াক লৈ সৃষ্টি হোৱা তীব্ৰ মানসিক চাপ আৰু দুজন ব্যক্তিৰ চৰম ভাবুকিৰ বাবেই শিক্ষাগৰাকীয়ে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত ল’বলগীয়া হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, যোৱা শনিবাৰে শিক্ষক অৱণী বৰুৱাই এক চুইচাইড নোট লিখি থৈ এই চৰম সিদ্ধান্ত গ্ৰহণ কৰে। মৃত্যুৰ পূৰ্বে লিখি যোৱা সেই চুইচাইড নোটত স্পষ্টভাৱে শিৱসাগৰ জিলা কংগ্ৰেছৰ সভাপতি অজয় গগৈ আৰু খোকামৰাৰ বিনন্দ বৰা নামৰ আন এজন ব্যক্তিৰ নাম উল্লেখ আছিল। অভিযোগ মতে, ধাৰে লোৱা টকা সময়মতে পৰিশোধ কৰিব নোৱাৰাৰ বাবেই এই দুই ব্যক্তিয়ে অৱণী বৰুৱাক তীব্ৰ মানসিক নিৰ্যাতন তথা চৰম ভাবুকি প্ৰদান কৰি আহিছিল।এই সংক্ৰান্তত মৃত শিক্ষকগৰাকীৰ পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিত কাকতিবাৰী আৰক্ষী থানাত ৯/২৬ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰা হৈছে। আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতা (BNS)ৰ ১০৮, ৩৫১(২) আৰু ৩৫১(৩) ধাৰাৰ অধীনত এক ক্ষিপ্ৰ তদন্ত অব্যাহত ৰাখিছে।
গোচৰ পঞ্জীয়ন হোৱাৰ পিছতেই যোৱা নিশা সোণাৰি আৰক্ষীয়ে এক অভিযান চলাই মুখ্য অভিযুক্ত তথা শিৱসাগৰ জিলা কংগ্ৰেছৰ সভাপতি অজয় গগৈক আটক কৰে। আনহাতে, ঘটনাৰ সৈতে জড়িত থকা আন এজন অভিযুক্ত বিনন্দ বৰা বৰ্তমানো পলাতক হৈ আছে বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে বিনন্দ বৰাৰ সন্ধানত বিভিন্ন স্থানত তীব্ৰ অভিযান চলাই আছে। এজন বিশিষ্ট শিক্ষক তথা জনপ্ৰিয় সাংস্কৃতিক কৰ্মীৰ এনেদৰে অকাল মৃত্যুত সমগ্ৰ মাহমৰা অঞ্চলতে শোকৰ ছাঁ পৰিছে আৰু স্থানীয় ৰাইজে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে।
