![]() |
| ফটোঃ নিজা প্ৰতিবেদক |
ডিজিটেল সংবাদঃ ডুমডুমা অঞ্চলত বিগত কিছুদিন ধৰি অব্যাহত থকা নাহৰফুটুকী বাঘৰ সন্ত্ৰাসৰ মাজতে আজি স্থানীয় ৰাইজে এক ডাঙৰ সকাহ পাইছে। অঞ্চলটোৰ হাঁহচৰাত আজি বন বিভাগে পাতি থোৱা পিঞ্জৰাত এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ আৱদ্ধ হয়। প্ৰাপ্ত খবৰ অনুসৰি, বিগত ডিচেম্বৰ মাহৰ পৰাই সমগ্ৰ হাঁহচৰা তথা ডুমডুমা অঞ্চলত বাঘে তীব্ৰ সন্ত্ৰাস চলাই আহিছিল। বাঘৰ উপদ্ৰৱৰ বাবে স্থানীয় ৰাইজে সন্ধিয়া হ’লেই ঘৰৰ পৰা ওলাবলৈ ভয় কৰা এক পৰিস্থিতিৰ সৃষ্টি হৈছিল। ইয়াৰ পিছতে অতিষ্ঠ হৈ ৰাইজে কৰা ওজৰ-আপত্তিৰ ভিত্তিত বন বিভাগে বাঘটো কৰায়ত্ত কৰিবলৈ অঞ্চলটোত এটা পিঞ্জৰা স্থাপন কৰিছিল। অৱশেষত আজি বন বিভাগৰ এই প্ৰচেষ্টা সফল হয় আৰু বাঘটো পিঞ্জৰাবদ্ধ হয়।
উল্লেখ্য যে, আজি ধৰা পৰা বাঘটোকে ধৰি ডুমডুমা অঞ্চলত এতিয়ালৈকে মুঠ ৭টাকৈ নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ কৰা হৈছে। ইয়াৰ পূৰ্বে উদ্ধাৰ হোৱা আটাইকেইটা বাঘকে বন বিভাগে বনাঞ্চলত সুৰক্ষিতভাৱে মুকলি কৰি দিছিল। আজি পিঞ্জৰাবদ্ধ হোৱা এই বাঘটোও স্বাস্থ্য পৰীক্ষাৰ অন্তত কোনো অভয়াৰণ্য বা বনাঞ্চলত মুকলি কৰি দিয়া হ’ব বুলি জানিব পৰা গৈছে।
