![]() |
| ফটোঃনিজা সংবাদদাতা |
ডিজিটেল সংবাদ, বোকাখাতঃ ৰাজ্যত অব্যাহত থকা গৰুৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে বোকাখাত আৰক্ষীয়ে লাভ কৰিছে এক বৃহৎ সাফল্য। দেওবাৰে বোকাখাত আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চলোৱা এক অভিযানত এখন চোৰাং গৰু ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। ইয়াৰ লগতে ঘটনাৰ সৈতে জড়িত থকা এজনক আৰক্ষীয়ে আটক কৰিছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, জব্দ কৰা ট্ৰাকখনৰ পঞ্জীয়ন নম্বৰ AS 23DC 6261।
বাহনখনত অতি নিষ্ঠুৰভাৱে ২১ টা গৰু বোজাই কৰি অনা হৈছিল। প্ৰাথমিক সোধা-পোছাৰ অন্তত জানিব পৰা গৈছে যে গৰু ভৰ্তি বাহনখন শদিয়াৰ পৰা আহিছিল আৰু কোনো গুপ্ত স্থানলৈ সৰবৰাহ কৰাৰ পৰিকল্পনা আছিল। ইতিমধ্যে বোকাখাত আৰক্ষীয়ে আটকাধীন লোকজনক জিম্মাত লৈ সমগ্ৰ অবৈধ সৰবৰাহ চক্ৰটোৰ সৈতে জড়িত আন লোকসকলৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে।
