জুবিন গাৰ্গে ন্যায় নাপালে কোনে পাব? নগাঁৱৰ জুবিন উদ্যানত গৰিমা গাৰ্গ আৰু 'যন্ত্ৰ'ৰ পৰিয়ালৰ হুংকাৰ

জুবিন গাৰ্গে ন্যায় নাপালে কোনে পাব? নগাঁৱৰ জুবিন উদ্যানত গৰিমা গাৰ্গ আৰু 'যন্ত্ৰ'ৰ পৰিয়ালৰ হুংকাৰ
ফটোঃ নিজা সংবাদদাতা


ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও চহৰৰ জুবিন উদ্যানত শনিবাৰে নিশা এক বিশেষ কাৰ্যসূচী ৰূপায়িত হয়। জুবিন উদ্যানত উপস্থিত হৈ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ আৰু শিল্পীগৰাকীৰ অতি প্ৰিয় সংগীত দল 'যন্ত্ৰ'ৰ পৰিয়ালবৰ্গই এক আৱেগিক পৰিৱেশৰ সূচনা কৰে। নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাৰ উপস্থিতিত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি সকলোৱে এই প্ৰচেষ্টাক একমুখে শলাগ লয়। ইয়াৰ লগতে অনুষ্ঠানটোত উপস্থিত সকলোৱে জুবিন গাৰ্গৰ বাবে ন্যায়ৰ দাবী উত্থাপন কৰে।

অনুষ্ঠানত উপস্থিত থাকি জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে আৱেগিকভাৱে প্ৰশ্ন উত্থাপন কৰি কয়— "জুবিন গাৰ্গে ন্যায় নাপালে কোনে ন্যায় পাব?"

আনহাতে, সাংস্কৃতিক কৰ্মী পাৰ্থ গোস্বামীয়ে তীব্ৰ ক্ষোভ আৰু আৱেগেৰে মন্তব্য কৰে— "জুবিনে যদি ন্যায় নাপায় আমাৰ অভিধানৰ পৰা ন্যায় শব্দটো উঠাই পেলোৱা ভাল।" তেওঁ লগতে কয় যে জুবিন গাৰ্গৰ এই প্ৰতিমূৰ্তি সেইদিনাহে প্ৰকৃততে জীয়াই উঠিব যিদিনা শিল্পীগৰাকীয়ে সম্পূৰ্ণ ন্যায় লাভ কৰিব। আৰু সেই ঐতিহাসিক দিনটোত জুবিন ক্ষেত্ৰত প্ৰথম গছি চাকি তেৱেঁই প্ৰজ্বলন কৰিব বুলিও দৃঢ়তাৰে ঘোষণা কৰে।

সমগ্ৰ অনুষ্ঠানটোত জুবিন অনুৰাগীসকলৰ মাজত ন্যায়ৰ দাবীত এক তীব্ৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা যায়।

Post a Comment

Previous Post Next Post