বোকাখাতৰ গড়মূৰত শোকাৱহ পথ দুৰ্ঘটনা: হেলমেটবিহীন বাইক আৰোহী যুৱকৰ থিতাতে কৰুণ মৃত্যু

বোকাখাতৰ গড়মূৰত শোকাৱহ পথ দুৰ্ঘটনা: হেলমেটবিহীন বাইক আৰোহী যুৱকৰ থিতাতে কৰুণ মৃত্যু
ফটোঃ নিজা সংবাদ দাতা


ডিজিটেল সংবাদ, বোকাখাতঃ বোকাখাতৰ গড়মূৰত দেওবাৰে এক কৰুণ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাটোত এজন মটৰচাইকেল আৰোহী যুৱকৰ থিতাতে কৰুণ মৃত্যু ঘটে। নিহত যুৱকজনক বোকাখাত নাহৰজানৰ বাসিন্দা ৰাকেশ সিং বুলি চিনাক্ত কৰা হৈছে।

প্ৰত্যক্ষদৰ্শী আৰু স্থানীয় সূত্ৰই জনোৱা মতে, ৰাকেশ সিঙে AS05AA 0481 নম্বৰৰ পালছাৰ বাইকেৰে লখৌজানত ভলীবল খেলি বোকাখাত নাহৰজানস্থিত নিজ বাসগৃহলৈ উভতি আহিছিল। তেনে সময়তে গড়মূৰত তীব্ৰবেগী বাইকখনে হঠাতে নিয়ন্ত্ৰণ হেৰুৱায় আৰু পথৰ কাষত থকা এটা পকী পিলাৰত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। দুৰ্ঘটনাতো ইমানেই ভয়ংকৰ আছিল যে বাইক আৰোহী যুৱকজনৰ ঘটনাস্থলীতে মৃত্যু হয়।

উল্লেখযোগ্য যে, দুৰ্ঘটনাৰ সময়ত যুৱকজনে মূৰত কোনো হেলমেট পৰিধান কৰা নাছিল। হেলমেট পৰিধান নকৰাকৈ অতি বিপজ্জনকভাৱে বাইক চলোৱাৰ বাবেই মূৰত গুৰুতৰ আঘাত পাই যুৱকজনৰ মৃত্যু হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। 

ঘটনাৰ পিছতে স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু ঘটনা সন্দৰ্ভত এক তদন্ত আৰম্ভ কৰিছে। এই শোকাৱহ ঘটনাই সমগ্ৰ নাহৰজান অঞ্চলত গভীৰ শোকৰ ছাঁ পেলাইছে।

Post a Comment

Previous Post Next Post