![]() |
| ফটোঃ নিজা সংবাদ দাতা |
ডিজিটেল সংবাদ, ফৰকাটিংঃ ফৰকাটিঙৰ চকৰধৰাত দেওবাৰে বিয়লি এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাটোত এজন মটৰচাইকেল আৰোহীৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে আন এজন যুৱক গুৰুতৰভাৱে আহত হয়। নিহত যুৱকজনক গোলাঘাট জালান বাগানৰ বিতু বাউৰী বুলি চিনাক্ত কৰা হৈছে।
প্ৰত্যক্ষদৰ্শী আৰু আৰক্ষীৰ সূত্ৰে প্ৰকাশ কৰা অনুসৰি, দুই যুৱকে এখন বাইকেৰে আহি থকা অৱস্থাত চকৰধৰাত হঠাত এজনী ছাগলীয়ে পথ পাৰ হ'বলৈ চেষ্টা কৰে। নিয়ন্ত্ৰণ হেৰুৱাই বাইকখনে ছাগলীজনীক খুন্দিয়াই পথৰ ওপৰতে বাগৰি পৰে। ফলত বাইক চালক বিতু বাউৰীৰ থিতাতে কৰুণ মৃত্যু হয়। আনহাতে বাইকখনত থকা অমৃত কৰ্মকাৰ নামৰ আন এজন যুৱক দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয়।
দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতেই গোলাঘাট জিলা যান-বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষী আৰু ফৰকাটিং আৰক্ষীৰ দল দুৰ্ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে গুৰুতৰভাৱে আহত অমৃত কৰ্মকাৰক ততাতৈয়াকৈ গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
আৰক্ষীয়ে ইতিমধ্যে এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰি যাৱতীয় আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
