![]() |
| ফটোঃ নিজা সংবাদ দাতা |
ডিজিটেল সংবাদ, সোণাৰিঃ চৰাইদেউৰ বৰহাট চাহ বাগিচাত সন্ত্ৰাস চলোৱা ১৫ কেঁচাচাহ চোৰক গ্ৰেপ্তাৰ। জিলাখনত দীৰ্ঘদিন ধৰি চলি থকা কেঁচা চাহপাত চুৰি চক্ৰৰ বিৰুদ্ধে চৰাইদেউ আৰক্ষীয়ে লাভ কৰিছে এক বৃহৎ সফলতা। জিলাখনৰ অন্তৰ্গত বৰহাট চাহ বাগিচা এলেকাক কেন্দ্ৰ কৰি সক্ৰিয় হৈ থকা এটা বৃহৎ চাহপাত চোৰৰ দলৰ ১৫ টা সদস্যক সোমবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এই বৃহৎ অভিযানৰ জৰিয়তে জিলাখনৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ থকা কেঁচা চাহপাত চুৰিৰ ঘটনা প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত আৰক্ষীয়ে এক বিশেষ সফলতা অৰ্জন কৰিছে।
উল্লেখ্য যে, অলপতে বৰহাট চাহ বাগিচাত নিশাৰ ভাগত কেঁচা চাহপাত চোৰৰ এটা বৃহৎ দলে সন্ত্ৰাস চলাইছিল। বাগিচাখনৰ ১৬ নং এলেকাত চোৰৰ দলটোৱে চাহপাত চুৰি কৰাৰ খবৰ পাই বাগিচাৰে এটা ১০ জনীয়া চকীদাৰৰ দলে তেওঁলোকক বাধা প্ৰদান কৰিবলৈ গৈছিল। কিন্তু চোৰৰ দলটোৱে ওলোটাই চোকা অস্ত্ৰৰে নিৰীহ চকীদাৰসকলৰ ওপৰত জপিয়াই পৰে। এই বৰ্বৰ আক্ৰমণত বাগিচাখনৰ দহ জনকৈ চাহ শ্ৰমিক তথা চকীদাৰ গুৰুতৰভাৱে আহত হয়। কেৱল ইমানেই নহয়, উগ্ৰ চোৰৰ দলটোৱে বাগিচাখনৰ এখন জিপচী বাহনো ভাঙি লণ্ড-ভণ্ড কৰে।
এই ভয়ংকৰ ঘটনাটোক কেন্দ্ৰ কৰি বৰহাট চাহ বাগিচাত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছিল। নিৰাপত্তা আৰু ন্যায়ৰ দাবীত বাগিচাখনৰ শ শ শ্ৰমিকে কৰ্মবিৰতি ঘোষণা কৰি বাগিচা চৌহদ উত্তাল কৰি তুলিছিল। পৰিস্থিতি অধিক অৱনতি হোৱাৰ পূৰ্বেই চৰাইদেউ আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত এক গোচৰ ৰুজু কৰি ক্ষিপ্ৰ তদন্ত আৰম্ভ কৰে।
আৰক্ষীৰ নিৰৱচ্ছিন্ন তদন্ত আৰু অভিযানৰ অন্তত অৱশেষত ঘটনাৰ সৈতে জড়িত ১৫ জনকৈ মূল অভিযুক্তক জালত পেলাবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ কৰা অভিযুক্ত চোৰ কেইটা ক্ৰমে— জিতেন সোণোৱাল, দুৰ্লভ গগৈ, প্ৰাঞ্জল বৰগোহাঞি, ৰাজেন গগৈ, উৎপল বৰুৱা, নিতুল গগৈ, মইনা আলী, দ্বীপজ্যোতি আৰঙীয়া, ডিম্বেশ্বৰ গগৈ, কুল গগৈ, ভাস্কৰজ্যোতি গগৈ, ৰাজু গগৈ, ৰুবুল গগৈ, তৰুণ গগৈ আৰু হেমন্ত গগৈ। আৰক্ষীৰ এই তৎপৰতাক বাগিচাখনৰ শ্ৰমিক সমাজৰ লগতে স্থানীয় ৰাইজেও প্ৰশংসা কৰিছে। বৰ্তমান আৰক্ষীয়ে ধৃত চোৰ কেইটাক জেৰা চলাই থকাৰ লগতে ঘটনাৰ সৈতে আন কোনো লোক জড়িত আছে নেকি তাৰো অনুসন্ধান চলাইছে।
