![]() |
| ফটোঃ গোলাঘাট আৰক্ষী |
ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটৰ ধনশিৰি কলনীত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক আটক গোলাঘাট আৰক্ষীৰ। এক গোপন সূত্ৰৰ পম খেদি গোলাঘাট জিলা আৰক্ষীৰ এটা দলে গোলাঘাট থানাৰ অন্তৰ্গত ধনশিৰি কলনীত এক চলাই এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।
আৰক্ষীৰ সূত্ৰে প্ৰকাশ কৰা অনুসৰি, ধনশিৰি কলনী অঞ্চলত দীৰ্ঘদিন ধৰি নিষিদ্ধ ড্ৰাগছৰ অবৈধ কাৰবাৰ চলি থকা বুলি এক গোপন তথ্য লাভ কৰিছিল। এই তথ্যৰ ভিত্তিত আৰক্ষীৰ দলটোৱে হঠাতে উক্ত স্থানত অভিযান চলায় আৰু সন্দেহযুক্ত লোকজনক কৰায়ত্ত কৰে। আটক কৰা লোকজনক তন্নতন্নকৈ তালাচী চলোৱাৰ পিছত তেওঁৰ জিম্মাৰ পৰা ১৫.০৯ গ্ৰাম সন্দেহজনক হেৰ’ইন উদ্ধাৰ কৰা হয়। এই নিষিদ্ধ হেৰ’ইনখিনি বিক্ৰীৰ বাবে ১৫ টা সৰু সৰু কন্টেইনাৰত ভৰাই থোৱা আছিল। হেৰ’ইনখিনিৰ উপৰিও আৰক্ষীয়ে ড্ৰাগছ বিক্ৰীৰ নগদ ৫,০০০ টকাও জব্দ কৰে।
ইতিমধ্যে গোলাঘাট আৰক্ষীয়ে জব্দকৃত সামগ্ৰীসহ ধৃত লোকজনক থানা লৈ আনিছে আৰু এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰি যাৱতীয় আইনী ব্যৱস্থা গ্ৰহণ কৰিছে। এই চক্ৰটোৰ সৈতে আন কোনো লোক জড়িত আছে নেকি, সেই সন্দৰ্ভতো আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।
