সোণাৰিৰ হিঙৰিতলিত টাউকাক নদীৰ সংহাৰী ৰূপ, খহনীয়াৰ কৱলত ৩০০ টা পৰিয়াল

সোণাৰিৰ হিঙৰিতলিত টাউকাক নদীৰ সংহাৰী ৰূপ, খহনীয়াৰ কৱলত ৩০০ টা পৰিয়াল
ফটোঃ নিজা সংবাদদাতা

ডিজিটেল সংবাদ, সোণাৰিঃ সোণাৰি নগৰৰ কাষৰীয়া তথা মাহমৰা সমষ্টিৰ অন্তৰ্গত হিঙৰিতলি গাঁৱত বৰ্তমান গৰাখহনীয়াই এক ভয়াবহ ৰূপ ধাৰণ কৰিছে। টাউকাক নদীয়ে সৃষ্টি কৰা তীব্ৰ খহনীয়াৰ ফলত গাঁওখনত বসবাস কৰা প্ৰায় ৩০০ টা পৰিয়াল সম্পূৰ্ণৰূপে সৰ্বস্বান্ত হোৱাৰ উপক্ৰম ঘটিছে। নদীৰ বুকুত জাহ গৈছে গাঁৱৰ বিঘাই বিঘাই কৃষিভূমি আৰু বাসগৃহ। 

টাউকাক নদীৰ ধাৰাবাহিক খহনীয়াই হিঙৰিতলি গাঁৱৰ একমাত্ৰ যাতায়তৰ পথটো ঠায়ে ঠায়ে সম্পূৰ্ণৰূপে খহাই নি চিঙি পেলাইছে। ইয়াৰ ফলত গাঁওখনলৈ যাতায়তৰ পথ সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰিছে। পথৰ দুৰৱস্থাৰ বাবে জৰুৰীকালীন সময়ত গাঁওখনত কোনো এম্বুলেন্স প্ৰৱেশ কৰিব নোৱাৰে। যাৰ পৰিণতিত কোনো গৰ্ভৱতী মহিলা অথবা গুৰুতৰভাৱে অসুস্থ ব্যক্তিক চিকিৎসালয়লৈ নিবলগীয়া হ’লে গাঁৱৰ ৰাইজে চাঙত তুলি কেইবাকিলোমিটাৰ খোজকাঢ়ি মূল পথলৈ কঢ়িয়াই নিব লগা এক কৰুণ পৰিস্থিতিৰ সৃষ্টি হৈছে। 

স্বাধীনতাৰ ইমান বছৰ পিছতো যাতায়ত আৰু সুৰক্ষাৰ দৰে মৌলিক অধিকাৰৰ পৰা বঞ্চিত হিঙৰিতলি গাঁৱৰ ভুক্তভোগী ৰাইজে এতিয়া ক্ষোভ আৰু আশংকাত দিন কটাবলগীয়া হৈছে। গাঁৱৰ ৰাইজে মাহমৰা সমষ্টিৰ নৱ-নিৰ্বাচিত বিধায়ক সূৰুজ দিহিঙীয়াক এই স্পৰ্শকাতৰ সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে এক ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কাতৰ আহ্বান জনাইছে। নদীৰ মথাউৰি নিৰ্মাণ আৰু পথটো অতি সোনকালে যাতায়তৰ উপযোগী কৰি তুলিবলৈ গঞা ৰাইজে চৰকাৰ তথা স্থানীয় প্ৰশাসনৰ জৰুৰী হস্তক্ষেপ দাবী কৰিছে।

Post a Comment

Previous Post Next Post