![]() |
| ফটোঃ নিজা সংবাদদাতা |
ডিজিটেল সংবাদ, দুলীয়াজানঃ দুলীয়াজানত সোমবাৰে মাজনিশা সন্দেহযুক্ত লোকৰ দলক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। চহৰখনৰ ফাচী বজাৰ অঞ্চলত এই অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজে অঞ্চলটোত সন্দেহজনকভাৱে ঘূৰি ফুৰা ১২ গৰাকীকৈ লোকক হাতে-লোটে কৰায়ত্ব কৰাৰ পিছতেই সমগ্ৰ অঞ্চলটোত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়।
স্থানীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি, নিশাৰ ভাগত এই বৃহৎ দলটোক সন্দেহজনক অৱস্থাত প্ৰত্যক্ষ কৰি ৰাইজ সজাগ হৈ পৰে আৰু তেওঁলোকক কৰায়ত্ত কৰে। ঘটনাটোক কেন্দ্ৰ কৰি একাংশ উত্তেজিত ৰাইজে পৰিস্থিতি অধিক উত্তপ্ত কৰি তোলে। অৱশ্যে ঘটনাৰ খবৰ পোৱাৰ লগে লগে দুলীয়াজান আৰক্ষীৰ এটা দল ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ ক্ষুব্ধ ৰাইজক বুজনি দি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।
পৰৱৰ্তী সময়ত আৰক্ষীয়ে আটাইকেইগৰাকী সন্দেহজনক লোকক ৰাইজৰ কবলৰ পৰা উদ্ধাৰ কৰি দুলীয়াজান আৰক্ষী থানালৈ লৈ যায়। বৰ্তমান থানাত দলটোক আৰক্ষীয়ে তীব্ৰ মাৰাথান জেৰা অব্যাহত ৰাখিছে। এই লোকসকল কোন আৰু কি উদ্দেশ্যৰে নিশাৰ ভাগত অঞ্চলটোত উপস্থিত হৈছিল, সেই সন্দৰ্ভত আৰক্ষীৰ আনুষ্ঠানিক তদন্তৰ পিছতহে প্ৰকৃত তথ্য পোহৰলৈ আহিব।
