স্বাস্থ্য বিভাগৰ ভুৱা নিযুক্তি পত্ৰৰে ১৬ লাখ টকা প্ৰবঞ্চনা কৰাৰ অভিযোগত এজনক গ্ৰেপ্তাৰ উত্তৰ গুৱাহাটী আৰক্ষীৰ

স্বাস্থ্য বিভাগৰ ভুৱা নিযুক্তি পত্ৰৰে ১৬ লাখ টকা প্ৰবঞ্চনা কৰাৰ অভিযোগত এজনক গ্ৰেপ্তাৰ উত্তৰ গুৱাহাটী আৰক্ষীৰ
ফটোঃ নিজা প্ৰতিবেদন

প্ৰতিবেদক, গুৱাহাটীঃ স্বাস্থ্য বিভাগত চাকৰি দিয়াৰ নামত লাখ লাখ টকা প্ৰবঞ্চনা কৰা এক ডাঙৰ চক্ৰৰ বিৰুদ্ধে উত্তৰ গুৱাহাটী আৰক্ষীয়ে লাভ কৰিছে এক বৃহৎ সফলতা। গুৱাহাটীৰ দিশপুৰ সৰুমটৰীয়াৰ ‘অৰুণোদয় এপাৰ্টমেণ্ট’ত অভিযান চলাই আৰক্ষীয়ে হিতেন্দ্ৰ নাৰায়ণ বৰুৱা নামৰ এটা কুখ্যাত প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত প্ৰবঞ্চকজনৰ মূল ঘৰ নলবাৰী জিলাৰ অমিয়াপুৰৰ নন্দাগাঁৱত বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। 

ঘটনাৰ বিবৰণি অনুসৰি, উত্তৰ গুৱাহাটী অভয়পুৰৰ এগৰাকী যুৱতীক কোনো পৰীক্ষা নোলোৱাকৈয়ে স্বাস্থ্য বিভাগৰ কণিষ্ঠ সহায়ক পদত নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল হিতেন্দ্ৰই। এই চাকৰিৰ বিনিময়ত প্ৰবঞ্চকজনে যুৱতীগৰাকীৰ পৰা নগদ ১৬ লাখ টকা সংগ্ৰহ কৰিছিল। ধন লোৱাৰ পিছত হিতেন্দ্ৰই যুৱতীগৰাকীক স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ এগৰাকী প্ৰাক্তন সঞ্চালকৰ চহী সম্বলিত এখন নিযুক্তি পত্ৰ আৰু এটা পৰিচয় পত্ৰও প্ৰদান কৰে। ২০২৫ চনতে ধনৰ লেনদেন কৰা যুৱতীগৰাকীয়ে যেতিয়া অলপতে গুৱাহাটীৰ সচিবালয়লৈ চাকৰিত যোগদান কৰিবৰ বাবে যায়, তেতিয়াহে সমগ্ৰ ভুৱা নিযুক্তিৰ ভয়ংকৰ তথ্য পোহৰলৈ আহে। নিযুক্তি পত্ৰখন ভুৱা বুলি জানিব পাৰি যুৱতীগৰাকীৰ পৰিয়ালটো স্তম্ভিত হৈ পৰে আৰু লগে লগে উত্তৰ গুৱাহাটী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। 

এই এজাহাৰৰ ভিত্তিত উত্তৰ গুৱাহাটী আৰক্ষীয়ে এক তদন্ত চলাই আজি সৰুমটৰীয়াৰ এপাৰ্টমেণ্টটোৰ পৰা হিতেন্দ্ৰ নাৰায়ণ বৰুৱাক আটক কৰে। আৰক্ষীয়ে প্ৰবঞ্চকজনৰ আৱাসগৃহৰ পৰা কেইবাখনো ভুৱা নিযুক্তি পত্ৰ আৰু পৰিচয় পত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে। সম্প্ৰতি উত্তৰ গুৱাহাটী আৰক্ষীয়ে গোচৰ নং ৮৫/২৬ আৰু ভাৰতীয় ন্যায় সংহিতা (BNS)ৰ ধাৰা ৩১৮(২) / ৩১৯(২) / ৩৪০(২) / ৩৬৬(৩) ৰ অধীনত গোচৰ ৰুজু কৰি প্ৰবঞ্চকজনক গ্ৰেপ্তাৰ কৰিছে আৰু এই চক্ৰটোৰ সৈতে আন কোনো জড়িত আছে নেকি তাৰ ক্ষিপ্ৰ তদন্ত আৰম্ভ কৰিছে।

Post a Comment

Previous Post Next Post