![]() |
| ফটোঃ নিজা সংবাদদাতা |
ডিজিটেল সংবাদ, টীয়কঃ অসমৰ প্ৰথমখন প্ৰথম শ্ৰেণীৰ প্ৰসূতি আৰু শিশু কল্যাণ কেন্দ্ৰ (FRU) হিচাপে বিশেষ গুৰুত্ব লাভ কৰা টীয়ক এফ আৰ ইউত নিৰ্মাণ কৰা দহখন বিচনাযুক্ত আই চি ইউ প্ৰকল্পটো দীৰ্ঘদিন ধৰি অচল হৈ পৰি আছে। এই অত্যাধুনিক চিকিৎসা প্ৰকল্পটোক লৈ টীয়ক তথা আশে-পাশে থকা বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ মাজত এক আশাৰ সঞ্চাৰ হৈছিল যদিও নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ দুবছৰ অতিক্ৰম কৰাৰ পিছতো আই চি ইউটোৱে আজিও পূৰ্ণাংগ ৰূপত কাৰ্যক্ষম হৈ নুঠিল।
প্ৰাপ্ত তথ্য অনুসৰি, আই চি ইউ গৃহটোৰ নিৰ্মাণকাৰ্য বহু দিন ধৰি সম্পূৰ্ণ হৈ আছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে আজিলৈকে তাত কোনো অত্যাৱশ্যকীয় চিকিৎসা সা-সৰঞ্জাম সংস্থাপন কৰা নহ’ল। বৰ্তমানৰ জৰুৰীকালীন চিকিৎসা ব্যৱস্থাৰ বাবে আটাইতকৈ প্ৰয়োজনীয় ভেণ্টিলেটৰ, মনিটৰিং ব্যৱস্থা আৰু অক্সিজেন সংযোগ আদিৰ দৰে মৌলিক সুবিধাসমূহৰ অভাৱত এই দহখন বিচনাযুক্ত আই চি ইউটো ৰোগীৰ সেৱাৰ বাবে মুকলি কৰিব পৰা হোৱা নাই। লাখ লাখ টকা ব্যয় কৰি গঢ়ি তোলা এক বৃহৎ আন্তঃগাঁথনি কেৱল চৰকাৰী উদাসীনতাৰ বাবেই এতিয়া এক প্ৰকাৰ কাৰ্যত অচল আৰু পৰিত্যক্ত গৃহত পৰিণত হৈছে। যাৰ বাবে স্থানীয় দুখীয়া-নিচলা ৰাইজ চৰম হাৰাশাস্তিৰ সন্মূখীন হ’বলগীয়া হৈছে। দৈনিক জৰুৰী চিকিৎসাৰ প্ৰয়োজন হোৱা বহুতো সংকটজনক ৰোগীক আই চি ইউৰ সুবিধা নথকাৰ বাবেই আজিও উন্নত চিকিৎসাৰ দোহাই দি টীয়কৰ পৰা যোৰহাট চিকিৎসা মহাবিদ্যালয় অথবা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিবলগীয়া হয়। বহু সময়ত দূৰৈৰ হাস্পতাললৈ নি থকা অৱস্থাতে পথত ৰোগীৰ মৃত্যু হোৱাৰ দৰে কৰুণ ঘটনাও সংঘটিত হৈ আহিছে। অসমৰ প্ৰথমখন FRUৰ এনে জৰ্জৰিত ৰূপক লৈ এতিয়া সমগ্ৰ টীয়কবাসীৰ মাজতীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজে স্বাস্থ্য বিভাগ তথা অসম চৰকাৰক এই বিষয়ত অনতিবিলম্বে হস্তক্ষেপ কৰি অতি শীঘ্ৰে প্ৰয়োজনীয় সা-সৰঞ্জাম আৰু চিকিৎসক নিয়োজিত কৰি আই চি ইউটো সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰিবলৈ দাবী জনাইছে।
