গোলাঘাটৰ ধুলীয়াগাঁৱত বৃহৎ জুৱাৰ ঘাটি উচ্ছেদ, ৮ জুৱাৰীক আটক সদৰ আৰক্ষীৰ

গোলাঘাটৰ ধুলীয়াগাঁৱত বৃহৎ জুৱাৰ ঘাটি উচ্ছেদ, ৮ জুৱাৰীক আটক সদৰ আৰক্ষীৰ
ফটোঃ সৌজন্য: গোলাঘাট আৰক্ষী 


ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট সদৰ থানাৰ অন্তৰ্গত ধুলীয়াগাঁৱত আৰক্ষীয়ে এক সফল অভিযান চলাই এটা বৃহৎ অবৈধ জুৱাৰ ঘাটি উচ্ছেদ কৰিবলৈ সক্ষম হয়। এই অভিযানত আৰক্ষীৰ দলে মুঠ ৮ জন জুৱাৰীক আটক কৰে। 

গোলাঘাট আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে, শনিবাৰে জানিবলৈ দিয়া অনুসৰি গোপন সূত্ৰৰ পম খেদি শনিবাৰে মাজনিশা ধুলীয়াগাঁৱৰ এটা দুৰ্গম অঞ্চলত অবৈধ জুৱাৰ বিৰুদ্ধে এই জৰুৰী অভিযান চলায়। আৰক্ষীৰ আকস্মিক অভিযানত থিতাতে ৮ জন জুৱাৰীক কৰায়ত্ত কৰাৰ লগতে জুৱাৰ ঘাটিটো সম্পূৰ্ণৰূপে ধ্বংস কৰা হয়। ঘটনা সন্দৰ্ভত গোলাঘাট সদৰ আৰক্ষীয়ে ইতিমধ্যে নিৰ্দিষ্ট ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

Post a Comment

Previous Post Next Post