![]() |
| ফটোঃ নিজা সংবাদদাতা |
ডিজিটেল সংবাদ, গোলাঘাটঃ শনিবাৰে বিয়লি ভাগত গোলাঘাটত বজ্ৰপাত পৰি এজন লোকৰ মৃত্যু হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। গোলাঘাটৰ ঘোঁৰামৰা বিলত কাম কৰি থকা অৱস্থাত ধুমুহা-বৰষুণৰ মাজতে অহা তীব্ৰ বজ্ৰপাতৰ ফলত এজন শ্ৰমিকৰ থিতাতে কৰুণ মৃত্যু হোৱাৰ বিপৰীতে আন দুজন শ্ৰমিক গুৰুতৰভাৱে আহত হয় ।
প্ৰাপ্ত তথ্য মতে, গোলাঘাটৰ ঘোঁৰামৰা বিলৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগৰ জিঅ' বেগ স্থাপনৰ কাম চলি আছিল। বিয়লি প্ৰায় ৫ জনকৈ শ্ৰমিকে বিলৰ পাৰত কাম কৰি থকা অৱস্থাতে হঠাৎ তীব্ৰ ধুমুহা-বৰষুণৰ লগতে ধাৰাবাহিকভাৱে বজ্ৰপাত পৰে। ইয়াৰে এটা প্ৰচণ্ড বজ্ৰপাত শ্ৰমিককেইজনৰ ওপৰত পৰাত এজন থিতাতে মাটিত বাগৰি পৰে আৰু তেওঁৰ মৃত্যু হয়। মৃত শ্ৰমিকজনক মানকাছাৰৰ বছিৰুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। ইফালে, এই ভয়াৱহ বজ্ৰপাতৰ ফলত আন দুজন শ্ৰমিকো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। স্থানীয় ৰাইজ আৰু সহকৰ্মীসকলে ততাতৈয়াকৈ আহত আটাইকে উদ্ধাৰ কৰি গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়। বৰ্তমান চিকিৎসালয়ত আহত শ্ৰমিকদ্বয় চিকিৎসাধীন হৈ আছে।
