নগাঁও বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা, ডাম্পাৰৰ খুন্দাত থিতাতে নিহত মহিলা, গুৰুতৰভাৱে আহত ছমহীয়া শিশু

 

নগাঁও বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা | Nagaon Borghat Bypass Road Accident
ফটোঃ নিজা সংবাদদাতা

ডিজিটেল সংবাদ, নগাওঁঃ নগাঁৱৰ বৰঘাট বাইপাছত শনিবাৰে বিয়লিভাগত এক অতি ভয়াৱহ আৰু শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন তীব্ৰবেগী ডাম্পাৰ আৰু এখন দুচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষত থিতাতে এগৰাকী মহিলাৰ কৰুণ মৃত্যু ঘটে। প্ৰাপ্ত খবৰ অনুসৰি, দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে দুচকীয়া বাহনখনত থকা মহিলাগৰাকী থিতাতে প্ৰাণ হেৰুৱায়। আনহাতে, এই ঘটনাত এটি ছমহীয়া শিশু আৰু এজন ব্যক্তি গুৰুতৰভাৱে আহত হৈছে। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে আৰক্ষীৰ সহায়ত আহত শিশুটি আৰু ব্যক্তিজনক ততাতৈয়াকৈ সংকটজনক অৱস্থাত স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে। 

উল্লেখ্য যে, বৰ্তমানলৈকে নিহত দুৰ্ভগীয়া মহিলাগৰাকীৰ পৰিচয় উদ্ধাৰ হোৱা নাই। ঘটনাস্থলীত বৰঘাট আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। এই মৰ্মান্তিক দুৰ্ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে।

Post a Comment

Previous Post Next Post