সৰুপথাৰত উদ্ধাৰ হোৱা এটি শিশুৰ পিতৃ-মাতৃৰ সন্ধান, গোলাঘাট শিশু কল্যাণ সমিতিৰ আহ্বান

 

সৰুপথাৰত উদ্ধাৰ হোৱা এটি শিশুৰ পিতৃ-মাতৃৰ সন্ধান: গোলাঘাট শিশু কল্যাণ সমিতিৰ আহ্বান
উৎসঃ গোলাঘাট শিশু কল্যাণ সমিতি


ডিজিটেল সংবাদ, গোলাঘাটঃ সৰুপথাৰ ৰে’লৱে ষ্টেচনৰ পৰা উদ্ধাৰ হোৱা এটি কনমানি শিশুৰ বৰ্তমানলৈকে কোনো পৰিচয় লাভ কৰা হোৱা নাই। উদ্ধাৰ হোৱা শিশুটিৰ পিতৃ-মাতৃ অথবা আত্মীয়ৰ সন্ধান বিচাৰি গোলাঘাট জিলা শিশু সুৰক্ষা বিষয়াৰ কাৰ্যালয়ে এক জাননী জাৰি কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি, বিগত ১৬ ছেপ্টেম্বৰ, ২০২৫ তাৰিখে সৰুপথাৰ আৰক্ষীয়ে সৰুপথাৰ ৰে’লৱে ষ্টেচনৰ পৰা ৰেণুকা চৰেণ নামৰ উক্ত শিশুটি উদ্ধাৰ কৰিছিল। পৰৱৰ্তী সময়ত আৰক্ষীয়ে শিশুতিক গোলাঘাট শিশু কল্যাণ সমিতিৰ হাতত অৰ্পণ কৰে। সমিতিয়ে জনোৱা মতে, শিশুটিয়ে নিজৰ পিতৃ-মাতৃৰ নাম বা ঘৰৰ ঠিকনা আদি একো জানিব পৰা নাই। আনুমানিক ১০ বছৰ বয়সীয়া শিশুটি বৰ্তমান গোলাঘাট শিশু কল্যাণ সমিতিৰ তত্ত্বাবধানত সুৰক্ষিতভাৱে আছে।

গোলাঘাট শিশু কল্যাণ সমিতিয়ে প্ৰেৰণ কৰা জাননী


জিলা শিশু সুৰক্ষা বিষয়াৰ কাৰ্যালয়ে জনসাধাৰণলৈ অনুৰোধ জনাইছে যে কোনো সদায় ব্যক্তিয়ে যদি এই শিশুটিৰ পিতৃ-মাতৃ বা আত্মীয়ৰ বিষয়ে কিবা সম্ভেদ পায়, তেন্তে অনতিবিলম্বে ৪ মাহৰ ভিতৰত তলত দিয়া ঠিকনা বা ফোন নম্বৰত যোগাযোগ কৰিব পাৰে।


ঠিকনা: জিলা শিশু সুৰক্ষা বিষয়াৰ কাৰ্যালয়, হামদৈপুল, গোলাঘাট – ৭৮৫৬২১

যোগাযোগ নম্বৰ: ৮৮২২১৬৮৫৩৭, ৭০০২৫৪৭০৯০

Post a Comment

Previous Post Next Post