সোণাৰিৰ কানু চাহ বাগিচাত ভয়াৱহ অঘটন, চি টি চি মেচিনত হাত সোমাই গুৰুতৰভাৱে আহত শ্ৰমিক

সোণাৰিৰ কানু চাহ বাগিচাত ভয়াৱহ অঘটন, চি টি চি মেচিনত হাত সোমাই গুৰুতৰভাৱে আহত শ্ৰমিক
ফটোঃনিজা সংবাদ দাতা 

ডিজিটেল সংবাদ, সোণাৰিঃ চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ অন্তৰ্গত কানু চাহ বাগিচাত এক মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হৈছে। গ্ৰুপ টি কোম্পানীৰ মালিকানাধীন এই কানু চাহ বাগিচাৰ ফেক্টৰীত কৰ্তব্যৰত অৱস্থাতে এজন স্থায়ী শ্ৰমিকৰ সোঁহাত চি টি চি মেচিনৰ ভিতৰত সোমাই পৰাত তেওঁ গুৰুতৰভাৱে আহত হয়। আহত শ্ৰমিকজনক বাগিচাখনৰ ফেক্টৰী লাইনৰ বাসিন্দা ৰাজু ৰৌতিয়াৰ পুত্ৰ দেৱা ৰৌতিয়া বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত খবৰ অনুসৰি, ২০ বছৰীয়া যুৱক দেৱা ৰৌতিয়াই সদায় দিনৰ দৰে কালিও বাগিচাৰ ফেক্টৰীৰ ভিতৰত কাম কৰি আছিল। মেচিন চলি থকা অৱস্থাতে হঠাত কোনো কাৰণত তেওঁৰ সোঁহাতখন চি টি চি মেচিনৰ ভিতৰত সোমাই যায়। ঘটনাটো প্ৰত্যক্ষ কৰিয়েই তাত থকা অন্য শ্ৰমিকসকলে তৎক্ষণাত মেচিনটো বন্ধ কৰে যদিও তেতিয়ালৈকে দেৱাৰ সোঁহাতখন বাহু পৰ্যন্ত মেচিনৰ কটা ৰুলাৰৰ মাজত সোমাই পৰে।

এই ভয়াৱহ অঘটনৰ পিছতে ফেক্টৰী চৌহদত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। অত্যন্ত সংকটজনক অৱস্থাত যুৱকজনক মেচিনৰ পৰা উলিয়াই ততাতৈয়াকৈ চৰাইদেউ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসালয়খনৰ কৰ্তব্যৰত চিকিৎসকে তেওঁক প্ৰাথমিক চিকিৎসা প্ৰদান কৰে যদিও আঘাত অত্যন্ত গভীৰ হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। বৰ্তমান যুৱকজন চিকিৎসাধীন হৈ আছে। এই ঘটনাৰ পিছতে বাগিচাখনৰ শ্ৰমিক সমাজৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে ফেক্টৰীৰ ভিতৰত শ্ৰমিকসকলৰ সুৰক্ষা ব্যৱস্থাক লৈ একাংশই প্ৰশ্ন উত্থাপন কৰিছে।

Post a Comment

Previous Post Next Post