ঢেকীয়ালত পথৰ উদঙীয়া গৰুৰ বাবে ভয়াৱহ পথ দুৰ্ঘটনা, পথাৰত বাগৰিল বাহন

ঢেকীয়ালত পথৰ উদঙীয়া গৰুৰ বাবে ভয়াৱহ পথ দুৰ্ঘটনা, পথাৰত বাগৰিল বাহন
ফটোঃ নিজা সংবাদদাতা

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটৰ ঢেকীয়ালত সোমবাৰে এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। পথৰ মাজত থকা উদঙীয়া গৰুৰ বাবেই এখন নিয়ন্ত্ৰণহীন বাহন পথৰ কাষৰ পথাৰত সোমাই পৰে। 

প্ৰাপ্ত তথ্য অনুসৰি, অতি ব্যস্ততা পূৰ্ণ পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথত সোমবাৰে বিয়লি ভাগত এই দুৰ্ঘটনাটো সংঘটিত হয়। পথৰ মাজত এৰি থোৱা কেইটামান উদঙীয়া গৰুৱে হঠাতে নিজৰ মাজতে খেদাখেদি কৰিবলৈ আৰম্ভ কৰে আৰু তেনেতে পথত গৈ থকা এখন মাৰুতি ভানত  প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। গৰুৰ খুন্দাত বাহনখনৰ চালকগৰাকীয়ে নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীখন পথৰ কাষৰ দ পথাৰৰ মাজত বাগৰি পৰে। এই তীব্ৰ খুন্দাৰ ফলত AS 23 N 4890 নম্বৰৰ মাৰুটী ভানখনৰ আগফাল সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ হৈ পৰে।

ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজ দুৰ্ঘটনাস্থলীত উপস্থিত হৈ বহুত চেষ্টা কৰি দুৰ্ঘটনাত পতিত গাড়ীখন পথাৰৰ মাজৰ পৰা উঠাই আনিবলৈ সক্ষম হয়। ব্যস্ত পথসমূহত এনেদৰে উদঙীয়া গৰু মেলি দিয়াৰ বাবেই প্ৰতিদিনে এনেধৰণৰ দুৰ্ঘটনা বৃদ্ধি পাবলৈ ধৰিছে বুলি স্থানীয় ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।

Post a Comment

Previous Post Next Post