![]() |
| ফটোঃ নিজা সংবাদদাতা |
ডিজিটেল সংবাদ, নগাঁওঃ নগাঁওৰ পুৰণিগুদামত কলং সুঁতিৰ তীব্ৰ গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। এই ভয়াৱহ খহনীয়াই পুৰণিগুদাম কঢ়ালী গাঁৱৰ ঐতিহাসিক শিৱমন্দিৰৰ বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে অঞ্চলটোত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। যোৱা নিশা কলঙৰ কাল খহনীয়াই ঐতিহাসিক মন্দিৰভাগৰ থাপনা থকা মূল মন্দিৰৰ লগতে ইয়াৰ মূল মণ্ডপ আৰু পকী বেৰ সম্পূৰ্ণৰূপে খহাই পেলায়।
স্থানীয় ৰাইজে ক্ষোভেৰে প্ৰকাশ কৰা অনুসৰি, মাত্ৰ এবছৰ পূৰ্বেই কেইবালক্ষ টকা ব্যয় কৰি মন্দিৰ ভাগ নতুনকৈ নিৰ্মাণ কৰা হৈছিল। কিন্তু নিশাৰ ভিতৰতে নতুনকৈ নিৰ্মিত মন্দিৰটোৰ এক বৃহৎ অংশ কলঙৰ বুকুত জাহ যোৱাৰ পিছতে সমগ্ৰ অঞ্চলটোৰ ভক্তপ্ৰাণ ৰাইজ মৰ্মাহত হৈ পৰে। ঘটনাৰ ভয়াৱহতা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে কোনোমতে ঐতিহাসিক শিৱমন্দিৰৰ পবিত্ৰ থাপনা ভাগ সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰে। বৰ্তমান উপায়ন্তৰ হৈ ৰাইজে নেদেখা জনৰ ওচৰত আঁঠু লৈ ভগৱানৰ চৰণতে মন্দিৰ ভাগৰ সুৰক্ষাৰ বাবে আকুল প্ৰাৰ্থনা জনাইছে।
ইফালে, ঐতিহ্যমণ্ডিত এই ধৰ্মীয় স্থলভাগৰ বাকী থকা অংশক সম্পূৰ্ণ ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিবলৈ ক্ষিপ্ৰ ব্যৱস্থা ল’বলৈ ৰাইজে আহ্বান জনাইছে। ভগ্নপ্ৰায় মন্দিৰটোৰ সুৰক্ষাৰ স্বাৰ্থত কঢ়ালী গাঁৱৰ ৰাইজে নগাঁও জিলাৰ জিলা আয়ুক্ত আৰু স্থানীয় বিধায়কগৰাকীক কাৰ্যকৰী পদক্ষেপ ল’বলৈ অনুৰোধ জনাইছে।
