কমাৰবন্ধাত ছাত্ৰীক অপহৰণৰ চেষ্টাঃ মঙলবাৰে মাজনিশা আৰক্ষী চকীত ৰাইজৰ উত্তাল প্ৰতিবাদ, ধৃত দুই

কমাৰবন্ধাত ছাত্ৰীক অপহৰণৰ চেষ্টাঃ মঙলবাৰে মাজনিশা আৰক্ষী চকীত ৰাইজৰ উত্তাল প্ৰতিবাদ, ধৃত দুই
ফটোঃ নিজা সংবাদদাতা


ডিজিটেল সংবাদ, কমাৰবন্ধাঃ গোলাঘাট জিলাৰ কমাৰবন্ধাত এক অষ্টম শ্ৰেণীৰ ছাত্ৰীক অপহৰণৰ চেষ্টা চলোৱাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে। এই চাঞ্চল্য্যকৰ ঘটনাক লৈ মঙলবাৰে মাজনিশা কমাৰবন্ধা আৰক্ষী চকীৰ চৌহদ স্থানীয় উত্তেজিত ৰাইজে ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। 

প্ৰাপ্ত তথ্য অনুসৰি, কমাৰবন্ধা অঞ্চলৰ এঘৰ লোকৰ ঘৰত ভাৰাতীয়া হিচাপে থকা বহিঃৰাজ্যৰ এজন ব্যক্তিয়ে এগৰাকী অষ্টম শ্ৰেণীৰ স্কুলীয়া ছাত্ৰীক অপহৰণ কৰাৰ ষড়যন্ত্ৰ তথা চেষ্টা চলাইছিল। এই সমগ্ৰ ঘটনাৰ বিষয়ে স্থানীয় লোকে জানিব পাৰি ক্ষোভিত হৈ পৰে। স্থানীয় ৰাইজৰ গুৰুতৰ অভিযোগ যে, কেৱল এই বহিঃৰাজ্যৰ লোকজনই নহয়, বৰঞ্চ তেওঁক আশ্ৰয় দিয়া স্থানীয় ঘৰৰ মালিক তথা অন্য এগৰাকী যুৱতীও এই অপহৰণৰ চক্ৰটোৰ সৈতে পোনপটীয়াভাৱে জড়িত আছে। 

ঘটনাটোক কেন্দ্ৰ কৰি মঙলবাৰে নিশা কমাৰবন্ধা আৰক্ষী চকীৰ সমুখত শ শ স্থানীয় লোক একত্ৰিত হয়। দোষীক কঠোৰ শাস্তি প্ৰদান কৰা আৰু সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবীত ৰাইজে আৰক্ষী চকীৰ চৌহদ উত্তাল কৰি তোলে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে যথেষ্ট তৎপৰতা অৱলম্বন কৰিবলগীয়া হয়। ইতিমধ্যে এগৰাকী যুৱতীসহ ঘটনাত জড়িত দুজনক আটক কৰি সোধ-পোচ অব্যাহত ৰাখিছে।

Post a Comment

Previous Post Next Post