কাজিৰঙাত পুনৰ কেমেৰাত বন্দী হ’ল অপূৰ্ব বগা হৰিণ! ভিডিঅ’ শ্বেয়াৰ কৰি অভিভূত খুদ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

কাজিৰঙাত পুনৰ কেমেৰাত বন্দী হ’ল অপূৰ্ব বগা হৰিণ! ভিডিঅ’ শ্বেয়াৰ কৰি অভিভূত খুদ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
উৎস: মুখ্যমন্ত্ৰীৰ ফেচবুক পেজ

ডিজিটেল সংবাদ, কাজিৰঙাঃ প্ৰকৃতি আৰু বন্যপ্ৰাণী প্ৰেমীসকলৰ বাবে এক অত্যন্ত সুখবৰ। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ এবাৰ দেখিবলৈ পোৱা গৈছে এটি অত্যন্ত বিৰল আৰু অপূৰ্ব ধুনীয়া বগা হৰিণ (Albino Hog Deer)। কাজিৰঙাৰ সেউজীয়া ঘাঁহনিৰ মাজত মুকলিকৈ ঘূৰি ফুৰা এই হৰিণটোৰ এটা মন পুলকিত কৰা ভিডিঅ’ বৰ্তমান ছচিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে।আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, এই অপূৰ্ব দৃশ্যটো দেখি খুদ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিজকে ধৰি ৰাখিব নোৱাৰিলে। তেওঁ নিজৰ অফিচিয়েল ছচিয়েল মিডিয়া (ফেচবুক) একাউণ্টত এই ভিডিঅ’টো শ্বেয়াৰ কৰি অত্যন্ত আনন্দ প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, কাজিৰঙাত এই বিৰল এলবিন’ হৰিণৰ উপস্থিতি আমাৰ চহকী বন্যপ্ৰাণী সমাজৰ এক অনন্য প্ৰতীক। ইয়াৰ লগতে তেওঁ ৰাজ্য চৰকাৰৰ দৃঢ় সংকল্পৰ কথা দোহাৰি কয় যে আমাৰ চৰকাৰে লোৱা বন্যপ্ৰাণী সংৰক্ষণ আৰু সুৰক্ষা ব্যৱস্থাৰ বাবেই আজি কাজিৰঙাৰ প্ৰতিটো বিৰল প্ৰাণী সুৰক্ষিত হৈ উঠিছে আৰু মুক্তভাৱে বিচৰণ কৰিবলৈ সক্ষম হৈছে

বন্যপ্ৰাণী বিশেষজ্ঞসকলৰ মতে, জিনীয় পৰিৱৰ্তনৰ বাবে এনে হৰিণৰ গোটেই গাটো বগা হৈ পৰে, যিটো অতিকে বিৰল। বৰ্তমান মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰা এই মনপৰশা ভিডিঅ’টোৱে সমগ্ৰ দেশৰে নেটিজেন আৰু প্ৰকৃতিপ্ৰেমীসকলৰ অন্তৰ জিনিবলৈ সক্ষম হৈছে।


Post a Comment

Previous Post Next Post