![]() |
| ফটোঃ জিলা প্ৰশাসন |
ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙাৰ সামগ্ৰিক সুৰক্ষা সন্দৰ্ভত ইউৰোপীয় ইউনিয়নৰ বিষয়াৰে গুৰুত্বপূৰ্ণ বৈঠক। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিৰাপত্তা ব্যৱস্থাক অধিক কটকটীয়া আৰু বিশ্বমানৰ কৰি তোলাৰ লক্ষ্যৰে বৃহস্পতিবাৰে এক উচ্চস্তৰীয় তথা গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায়। ভাৰতস্থিত ইউৰোপীয় ইউনিয়নৰ আঞ্চলিক সুৰক্ষা বিষয়া জৰ্ডান মাৰ্টিনেজৰ বিশেষ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত কাজিৰঙাৰ সামগ্ৰিক নিৰাপত্তাৰ বিভিন্ন দিশৰ ওপৰত বিস্তৃতভাৱে পৰ্যালোচনা কৰা হয়। উক্ত গুৰুত্বপূৰ্ণ বৈঠকত গোলাঘাট জিলাৰ আয়ুক্ত পূবালী গোঁহাই, জ্যেষ্ঠ আৰক্ষী অধীক্ষক ৰাজেন সিং আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালিকা ড° সোণালী ঘোষ উপস্থিত থাকে।
![]() |
| ফটোঃ জিলা প্ৰশাসন |
বৈঠকৰ আলোচনা কালত ৰাষ্ট্ৰীয় উদ্যানখনৰ সামগ্ৰিক সুৰক্ষা ব্যৱস্থা সুদৃঢ় কৰাৰ লগতে দেশী-বিদেশী পৰ্যটকসকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ উপৰি, উদ্যানখনৰ কাষৰীয়া অঞ্চলৰ স্থানীয় জনসাধাৰণৰ সুৰক্ষা আৰু যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ ল’বলগীয়া ক্ষিপ্ৰ নিৰাপত্তা ব্যৱস্থাৰ সন্দৰ্ভতো বিষয়াসকলৰ মাজত বিশদ আলোচনা হয়।ইউৰোপীয় ইউনিয়নৰ সুৰক্ষা বিষয়াগৰাকীৰ সৈতে হোৱা এই আলোচনাৰ জৰিয়তে অনাগত দিনত কাজিৰঙাৰ জৈৱ-বৈচিত্ৰ্য আৰু পৰ্যটন উদ্যোগৰ নিৰাপত্তা ব্যৱস্থাই এক নতুন মাত্ৰা লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে উদ্যান কৰ্তৃপক্ষই।

