নগাঁৱত বনৰীয়া হাতীৰ তাণ্ডৱ: মহিলাসহ দুজনৰ কৰুণ মৃত্যু, আহত কেইবাজনো

নগাঁৱত বনৰীয়া হাতীৰ তাণ্ডৱ: মহিলাসহ দুজনৰ কৰুণ মৃত্যু, আহত কেইবাজনো
Image Source: Generated with AI


প্ৰতিবেদক, নগাঁওঃ নগাঁও জিলাৰ কামপুৰত বনৰীয়া হাতীৰ আক্ৰমণত দুগৰাকী লোকৰ কৰুণ মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কামপুৰ বনাঞ্চলিক বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত কামপুৰ কান্দাপাৰা আৰু ৰাঙলুবস্তিত শনিবাৰে পুৱতি নিশা সংঘটিত হয় এই ভয়াৱহ ঘটনা। বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা লোক দুজন ক্ৰমে চাহাজ উদ্দিন আৰু হনুফা খাতুন বুলি চিনাক্ত কৰা হৈছে। 

স্থানীয় ৰাইজে জনোৱা মতে, যোৱা নিশা বন্যহস্তীৰ এটা বৃহৎ জাকে অঞ্চলটোত সোমাই উপদ্ৰৱ চলাইছিল। পুৱতি নিশা হাতীৰ জাকটোৱে বসতি প্ৰধান অঞ্চলত আক্ৰমণ চলায়। নিহত হনুফা খাতুনৰ আত্মীয়ই জানিবলৈ দিয়া মতে, বন্যহস্তীয়ে মহিলাগৰাকীক ঘৰৰ ভিতৰৰ পৰা টানি আনি বৰ্বৰভাৱে আক্ৰমণ কৰে আৰু থিতাতে তেওঁৰ মৃত্যু হয়। আনহাতে, চাহাজ উদ্দিন নামৰ আন এজন লোককো হাতীয়ে গচকি মৃত্যুমুখলৈ ঠেলি দিয়ে।

কেৱল ইয়াতেই ক্ষান্ত নাথাকি, বনৰীয়া হাতীৰ জাকটোৱে অঞ্চলটোৰ কেইবাটাও বাসগৃহ ভাঙি তচনচ কৰে। এই আক্ৰমণৰ ঘটনাত আন কেইবাগৰাকীও লোক গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে। আহতসকলক স্থানীয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। এই কৰুণ ঘটনাৰ পিছতেই সমগ্ৰ কান্দাপাৰা আৰু ৰাঙলুবস্তিত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। স্থানীয় ৰাইজে বন বিভাগক অতি সোনকালে অঞ্চলটোত হাতীৰ উপদ্ৰৱ ৰোধ কৰিবলৈ আৰু উপযুক্ত সুৰক্ষা প্ৰদান কৰিবলৈ দাবী জনাইছে।

Post a Comment

Previous Post Next Post